নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নলবাৰী চিভিল হাস্পতালৰ বহিঃবিভাগ নলবাৰী মেডিকেল কলেজলৈ স্থানন্তৰ কৰাৰ প্ৰতিবাদত নলবাৰী কংগ্ৰেছৰ প্ৰতিবাদ

নিয়মীয়া বাৰ্তা, ১১ ফেব্ৰুৱাৰী: নলবাৰী শ্ৰীশ্ৰীহৰিমন্দিৰৰ সন্মুখৰে উৰণীয়া সেতু কেইবা বছৰে ধৰি সম্পূৰ্ণ নকৰাৰ প্ৰতিবাদ আৰু নলবাৰী শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয় স্থানান্তৰ কৰাৰ প্ৰতিবাদত আজি নলবাৰী কংগ্ৰেছ কমিটিয়ে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে । অসামৰিক চিকিৎসালয়ৰ স্মুখত নলবাৰী জিলা কংগ্ৰেছ ৰ উদ্যোগত হোৱা এই তীব্ৰ প্ৰতিবাদী কাৰ্যসূচীত কেবাশতাধিক কংগ্ৰেছ কৰ্মী অংশ গ্ৰহণ কৰে । দুদিনৰ ভিতৰত উঠাই নিয়া OPD সমূহ পুনৰ ঘূৰাই দিয়াৰ দাবী তোলে । ইয়াৰ উপৰিও সোমবাৰে জিলা কংগ্ৰেছ ৰ তৰফৰ নলবাৰী জিলা বন্ধ ঘোষণা । ৰাইজৰ দল, অসম জাতীয় পৰিষদ , বাওঁপন্থী দল সমূহ আৰু যুৱ ছাত্ৰ পৰিষদে সক্ৰিয় সমৰ্থন থকা বুলিও জিলা কংগ্ৰেছ কমিটিয়ে সাংবাদিকক জানিব দিয়ে। আনহাতে নলবাৰী শ্ৰীশ্ৰীহৰি মন্দিৰৰ বিসংগতি পূৰ্ণ উৰণীয়া সেতু বছৰ বছৰ ধৰি সম্পূৰ্ণ কৰিব নোৱাৰাৰ বাবে ৰাইজ দুৰ্ভোগ ভোগিব লগা হৈছে । ইয়াক অতি শীঘ্ৰে সম্পূৰ্ণ কৰাৰ দাবীও প্ৰতিবাদকাৰী সকলে জনায় ।আৰক্ষী প্ৰশাসনৰ বাধা নেওচি ৰাজপথত ওলাই আহি কংগ্ৰেছ কৰ্মী আৰু একাংশ স্থানীয় ৰাইজে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে । ইয়াৰ পিছত আৰক্ষীৰ লগত হাতাহতি হোৱাৰ পিছত জিলা কংগ্ৰেছৰ সভপতি ৰাতুল পাটোৱাৰীৰ, সম্পাদক দিব্যজ্যোতি হালৈকে ধৰি শতাধিক কংগ্ৰেছ কর্মীক আতক কৰে ।

শ্বাহ আলম আহমেদ, নলবাৰী

You might also like