নিয়মীয়া বাৰ্তা, ১১ ফেব্ৰুৱাৰী : নামনি অসমৰ আগশাৰীৰ উচ্চ শিক্ষা প্ৰতিষ্ঠান ভৱানীপুৰ আঞ্চলিক মহাবিদ্যালয়ৰ বাৰ্ষিক ক্ৰীড়া সমাৰোহৰ আজি সামৰণিৰ দিনত মহাবিদ্যালয়খনৰ শিক্ষাৰ্থী,শিক্ষক, কৰ্মচাৰীয়ে উলিয়ায় এক বিশাল সাংস্কৃতিক শোভাযাত্ৰা। দিনৰ দহ বজাত সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰে মহাবিদ্যালয়খনৰ দৰ্শন বিভাগৰ সহযোগী অধ্যাপক গৰ্গেশ্বৰ কলিতাই। ভৱানীপুৰ আঞ্চলিক মহাবিদ্যালয়ৰ অধ্যক্ষ ড° মুকুন্দ শৰ্মাই নেতৃত্ব প্ৰদান কৰা মহাবিদ্যালয়ৰ সহস্ৰাধিক শিক্ষাৰ্থী, শিক্ষাগুৰু, কৰ্মচাৰীয়ে সন্মিলিতভাৱে উলিওৱা সাংস্কৃতিক শোভাযাত্ৰাত অসমৰ বৰ্ণাঢ্য জনগোষ্ঠীয় সংস্কৃতিৰ ৰূপৰেখাৰ প্ৰদৰ্শন কৰা হয়। বৃহত্তৰ ভৱানীপুৰ অঞ্চলত বৰ্ণাঢ্য সংস্কৃতিৰ ৰূপৰেখা প্ৰদৰ্শনেৰে কৰা দৃষ্টিনন্দন সাংস্কৃতিক শোভাযাত্ৰাই এক উখল মাখল পৰিবেশৰ সৃষ্টি কৰে। উল্লেখ্য যে আজি ভৱানীপুৰৰ সন্তান প্ৰাক্তন অভিযন্তা ধনীৰাম তালুকদাৰৰ পুত্ৰ জয়ন্ত তালুকদাৰে তেওঁৰ জীৱিত পিতৃৰ নামত দহ লক্ষাধিক টকা ব্যয় কৰি ভৱানীপুৰ আঞ্চলিক মহাবিদ্যালয়ৰ সন্মুখভাগত নতুনকৈ নিৰ্মাণ কৰা ‘ধনীৰাম তালুকদাৰ তোৰণ’ নামাকৰণেৰে এখন বৃহৎ তোৰণ আনুষ্ঠানিকভাৱে উদ্বোধন কৰে।তোৰণখন উদ্বোধন কৰে প্ৰাক্তন অভিযন্তা ধনীৰাম তালুকদাৰে।তোৰণ উদ্বোধনী অনুষ্ঠানত ধনীৰাম তালুকদাৰৰ সহধৰ্মিনী অৰুণা তালুকদাৰেও অতিথিৰূপে উপস্থিত থাকে। দুপৰীয়াৰ পৰা মহাবিদ্যালয়খনৰ অধ্যক্ষ ড° মুকুন্দ শৰ্মাৰ সভাপতিত্বত বঁটা বিতৰণী সভা অনুষ্ঠিত হয়।শিক্ষা বিভাগৰ সহযোগী অধ্যাপক ৰাজু কুমাৰ দাসে আত ধৰা বঁটা বিতৰণী সভাত শৈক্ষিক দিশৰ ওপৰত অতিথিৰূপে বক্তৃতা প্ৰদান কৰে ক্ৰমে- গুৱাহাটী কমাৰ্চ কলেজৰ অধ্যক্ষ ড° হোমেশ্বৰ কলিতা, প্ৰাক্তন অভিযন্তা ধনীৰাম তালুকদাৰ, ভৱানীপুৰ আঞ্চলিক মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ নবীন চন্দ্ৰ কলিতা, প্ৰাক্তন শিক্ষা বিষয়া ধৰণীধৰ তালুকদাৰে। সভাত ২০২২-২৩ বৰ্ষৰ মহাবিদ্যালয়ৰ বাৰ্ষিক ক্ৰীড়া সমাৰোহত বঁটা বিজয়ী শিক্ষাৰ্থীৰ মাজত বঁটা সমূহ বিতৰণ কৰা হয়।
প্ৰেৰক ভূষণ তালুকদাৰ