নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লখিমপুৰত নিৰ্মিত আম্বেদকাৰ ভৱন মুকলিৰ দাবী অনুসূচিত জাতি ছাত্র সন্থাৰ

বিশেষ বাৰ্তা, ১২ ফেব্ৰুৱাৰীঃ লখিমপুৰ নগৰ এলেকাৰ সনাতন গাৱত ২০১৬ ২০১৭ বৰ্ষতে নিৰ্মাণ কৰা ড০ বি আৰ আম্বেদকাৰ ভৱন টো আজিও মুকলি কৰি নিদিয়াত ভিন্ন প্ৰতিক্ৰিয়া ৰ সৃষ্টি হৈছে। অসম অনুসূচীত জাতি ৰ কল্যাণ সঞ্চালকালয়ৰ উন্নয়ন পূজিৰে নিৰ্মিত এই ভৱন টোৰ নিৰ্মাণ সম্পুর্ণ হোৱাৰ পাছতো মুকলি কৰি নিদিয়াত এতিয়া ৰাইজে আশ্চর্য প্ৰকাশ কৰিছে। জানিব পৰা মতে অৰ্ধকোটিৰো অধিক টকা ব্যয়ৰে নিৰ্মাণ কৰা এই ভৱনটো অনুসূচীত জাতি ৰ ছাত্র ৰ হোষ্টেল হিচাপে ব্যৱহাৰ কৰাৰ আচনি  আছিল। পিছে সেই উদ্দেশ্যে ৰে ভৱনটো আজিও মুকলি কৰি ব্যবহাৰ কৰা নহল। এই লৈ ক্ষোভ প্রকাশ কৰিছে অনুসূচীত জাতি ছাত্র সন্হাই।সন্হাৰ লখিমপুৰ জিলা সমিতিৰ সম্পাদক পাৰ্থ দাসে এই সংক্ৰান্ত ত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় ২০১৬ ২০১৭ চনৰ পৰা আশ্চর্যজনক ভাৱে এই ভৱন টো মুকলি নকৰাকৈ পেলাই থৈছে। গুদাম সদৃশ কৰি ভৱনটো ত মাজে সময়ে কেতবোৰ বস্তু জমা ৰখা হৈছে। হোষ্টেল হিচাপে ব্যৱহাৰ ৰ আচনি লৈ নিৰ্মাণ সম্পুর্ণ কৰা ভৱনটো সেই উদ্দেশ্য ত ব্যৱহাৰ নকৰি গুদামত  পৰিণত কৰা হৈছে। এই সন্দৰ্ভত বিগত সময়ত জিলা প্ৰশাসন কে ধৰি বিভিন্ন স্তৰত আপত্তি জনোৱা হৈছিল যদিও কোনেও ভৱনটো মুকলি কৰি হোষ্টেল হিচাপে ব্যৱহাৰ কৰা ৰ ব্যৱস্থা নললে।যাৰ বাবে ভৱন টোৰ চৌহদত হাবি বননি গজি এৰা পৰলীয়া এটা বন্ধ ঘৰত পৰিণত হৈছে। ভৱনটো মুকলি কৰি অনুসূচীত জাতি ছাত্র সমাজক উপকৃত কৰিবলৈ আহ্বান জনাই তেও আৰু কয় যদি মুকলি কৰিবই নোৱাৰে তেন্তে ভৱনটো এনেদৰে ৰাখি কি লাভ হব। তাতকৈ ভাঙি পেলোৱাই শ্ৰেয়। জিলা প্ৰশাসন, স্হানীয় বিধায়ক আদিক এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰা ৰ আহ্বান জনাই অন্যথা অনুসূচীত জাতি ছাত্র সন্হাই ইয়াৰ বিৰুদ্ধে আন্দোলন ৰ পথ গ্ৰহণ কৰিব বুলি তেও সকীয়াই দিয়ে।

 

প্ৰেৰক জীৱন গোস্বামী

You might also like