মৰিয়নিৰ স্বামী বিবেকানন্দ স্প’ৰ্টছ কাৰাটে-ডো একাডেমীৰ বাৰ্ষিক সভাত বেল্ট প্ৰদান
বিশেষ বাৰ্তা, ১৩ ফেব্ৰুৱাৰীঃ মৰিয়নিৰ অগ্ৰণী সমৰকলা একাডেমী স্বামী বিবেকানন্দ স্প’ৰ্টছ কাৰাটে ডো একাডেমীৰ বাৰ্ষিক সভাখন দেওবাৰে বিবেকানন্দ স্প’ৰ্টিং ক্লাৱত অনুষ্ঠিত হৈ যায়। এই উপলক্ষ্যে ছাত্ৰ ছাত্ৰীৰ মাজত ৰূপম কুৰ্মী সোঁৱৰণি চিত্ৰাংকন প্ৰতিযোগিতা আৰু সমৰ কলা প্ৰশিক্ষাৰ্থীসকলৰ মাজত অনুষ্ঠিত হোৱা বিভিন্ন বেল্ট পৰীক্ষাৰ বিজয়ীসকলক বেল্ট প্ৰদান কৰা হয়। স্বামী বিবেকানন্দ স্প’ৰ্টছ কাৰাটে ডো একাডেমীৰ মুখ্য প্ৰশিক্ষক খোকন দেৰ তত্বাৱধানত আৰু ফাৰহান ৰহমানে আঁত ধৰা অনুষ্ঠানটোত মৰিয়নিৰ বিশিষ্ট সমাজকৰ্মী, মৰিয়নি জাতীয় বিদ্যাপীঠৰ অধ্যক্ষ ৰঞ্জিত গোহাঁইবৰুৱা, মৰিয়নি প্ৰেছ ক্লাৱৰ সভাপতি জীৱন চন্দ্ৰ দত্ত, মৰিয়নি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ত্ৰিলোচন নাথ, চিনামৰা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া চিত্তৰঞ্জন বৰগোঁহাই, দেবেৰাপাৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া অৰবিন্দ ঘোষ, যুৱ সমাজকৰ্মী ৰমেন চেতিয়া, মৰিয়নি পৌৰসভাৰ পৌৰসদস্যাদ্বয় কস্তুৰী অগৰৱালা গগৈ আৰু চুমকি মজুমদাৰ দত্ত, সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় কাৰ্য্যনিৰ্বাহক সসস্য দ্বীপ দত্ত, সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদ অসমৰ কেন্দ্ৰীয় সাংগঠানিক সম্পাদক পবিত্ৰপ্ৰাণ বৰঠাকুৰ, শিক্ষকদ্বয় সমীৰ দত্ত আৰু দেবুময় চক্ৰৱৰ্তী, বিশিষ্টা শিল্পী দুলুমনি মালাকাৰ হাতীবৰুৱা, চিত্ৰশিল্পী বিজু শৰ্মা, সমাজকৰ্মী কৃষ্ণগোপাল দেৱ, যোৰহাট জিলা কাৰাটে সন্থাৰ কাৰ্য্যকৰী সভাপতি অমৃত নেওগ, সমৰকলা প্ৰশিক্ষক দিগন্ত বৰুৱা প্ৰমুখ্যে বহুসংখ্যক লোক উপস্থিত থাকি বক্তব্য প্ৰদান কৰে। এই অনুষ্ঠানতে শতাধিক সমৰকলা খেলুৱৈক বেল্ট আৰু প্ৰমাণপত্ৰ প্ৰদান কৰা হয়। আনহাতে, ৰূপম কুৰ্মী সোঁৱৰণি চিত্ৰাংকণ প্ৰতিযোগিতাত বিজয়ী প্ৰতিযোগীসকলকো পুৰস্কৃত কৰা হয়। আৰক্ষী বিষয়া চিত্তৰঞ্জন বৰগোঁহাইৰ গীত আৰু টাৰ্গেট ডেন্স একাডেমীৰ শিল্পীসকলে পৰিবেশন কৰা নৃত্যানুষ্ঠানে অনুষ্ঠানটোৰ সৌষ্ঠৱ বৃদ্ধি কৰে। একেটা অনুষ্ঠানতে আন্তঃৰাষ্ট্ৰীয় কিডছ ফেশ্বন শ্ব’ প্ৰতিযোগিতাৰ বিজয়ী কণমানি জ্যোনিকা প্ৰিয়া বৰুৱাকো সম্বৰ্ধনা জনোৱা হয়।
প্ৰেৰক দিব্যজ্যোতি শইকীয়া