বিশেষ বাৰ্তা, ১৫ ফেব্রুৱাৰীঃ সামৰণি পৰিল ত্রিপুৰা বিধানসভা নির্বাচনৰ নির্বাচনী প্রচাৰ অভিযান৷ ১৬ ফেব্রুৱাৰীত ভোটগ্রহণ হ’বলগীয়া ৰাজ্যখনৰ নির্বাচনী প্রচাৰৰ অন্তিম দিনটোত বিজেপিৰ অন্যতম ষ্টাৰ কেম্পেইনাৰ অসমৰ মুখ্যমন্ত্রী তথা নেডাৰ আহ্বায়ক ড০ হিমন্ত বিশ্ব শর্মাই চাৰিখনকৈ বিশাল নির্বাচনী সমাৱেশত অংশগ্রহণ কৰে৷ ৰাজ্যখনৰ পবিয়াছেৰাত দলীয় প্রার্থী ভগৱান দাস, কমলপুৰত দলীয় প্রার্থী মনোজকান্তি দেৱ, ছাওমানুত দলীয় প্রার্থী শম্ভুলাল চাকমা আৰু পেছাৰথালত দলীয় প্রার্থী সাত্ব্ন্না চাকমাৰ হৈ মুখ্যমন্ত্রী ড০ শর্মাই নির্বাচনী প্রচাৰ চলায়৷ আনহাতে, সুদীর্ঘ ১০টা দিন ত্রিপুৰাত নির্বাচনী প্রচাৰ চলায় মুখ্যমন্ত্রী ড০ শর্মাই৷ এই সময়ছোৱাত মুখ্যমন্ত্রী ড০ শর্মাই ৩৫খন বিশাল জনসভা, দুটা ৰোড শ্ব’ত অংশগ্রহণ কৰাৰ লগতে ৰাজ্যখনৰ ২,৫০০ কিলোমিটাৰ পথ ভ্রমণ কৰে৷ ত্রিপুৰাত নির্বাচনী প্রচাৰৰ সামৰণি মাৰি মুখ্যমন্ত্রী ড০ শর্মাই ৰাজ্যখনৰ উন্নয়ন আৰু প্রগতিৰ স্বার্থত জনসাধাৰণে পুনৰ বিজেপিক ভোট দিব বুলি আশা প্রকাশ কৰে৷ নির্বাচনী প্রচাৰ সমাৱেশসমূহত জনসাধাৰণৰ বিপুল সঁহাৰি আৰু উৎসাহ দেখি মুখ্যমন্ত্রী ড০ শর্মাই এই আশা প্রকাশ কৰিছে৷ মা ত্রিপুৰা সুন্দৰীয়ে সদায়ে শান্তিকামী ত্রিপুৰাবাসীক আশীর্বাদ কৰিব বুলিও মুখ্যমন্ত্রী ড০ শর্মাই আশা প্রকাশ কৰে৷