‘সস্তীয়া প্রচাৰৰ বাবে হিতেশ দেৱশর্মাই প্রলাপ বকিছে’-ড০ সমুজ্জ্বল ভট্টাচার্য
নিয়মীয়া বাৰ্তা, ১৭ ফেব্ৰুৱাৰী: প্রতীক হাজেলাৰ পৰা কেলেংকাৰিৰ ভাগ হিচাপে মাহে ১৬ লাখ টকা লোৱা বুলি এন আৰ চিৰ প্রাক্তন ৰাজ্যিক সমন্বয়ক হিতেশ দেৱশর্মাই উত্থাপন কৰা অভিযোগৰ বিপৰীতে নিজ স্থিতি স্পষ্ট কৰিছে আছুৰ মুখ্য উপদেষ্টা ড০ সমুজ্জ্বল ভট্টাচার্যই৷ লগতে এনে অসত্য কথা কোৱাৰ বাবে অধিবক্তাৰ পৰামর্শ লৈ দেৱশর্মাৰ বিৰুদ্ধে ড০ ভট্টাচার্যই মানহানি গোচৰ তৰাৰ কথা ঘোষণা কৰে৷ আজি সংবাদ মাধ্যমৰ আগত আছুৰ মুখ্য উপদেষ্টাজনে বিষয়টো সন্দর্ভত নিজ প্রতিক্রিয়া ব্যক্ত কৰি কয় যে প্রতীক হাজেলাৰ পৰা মাহে ১৬ লাখ টকা লোৱা বুলি হিতেশ দেৱশর্মাই কৰা মন্তব্য গোকাট মিছা৷ হিতেশ দেৱশর্মা চূড়ান্ত মিছলীয়া৷ সস্তীয়া প্রচাৰ পাবৰ বাবে হিতেশ দেৱশর্মাই প্রলাপ বকিছে৷ সুস্থ–ভাৰসাম্য থকা ব্যক্তিয়ে এনে কাণ্ডজ্ঞানহীন কথা নকয়৷ তেওঁ মানসিক চিকিৎসকৰ পৰামর্শ লোৱা উচিত৷ এনে অসত্য কথা কোৱাৰ বাবে অধিবক্তাৰ পৰামর্শ লৈ মই মানহানিৰ গোচৰ তৰিম৷