নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

যোৰহাটত সংঘঠিত হোৱা অগ্নিকাণ্ডৰ সন্দৰ্ভত টাস্ক ফ’ৰ্চ গঠন

নিয়মীয়া বাৰ্তা, ১৮ ফেব্রুৱাৰী:  যোৰহাটৰ চক বজাৰত সংগঠিত হোৱা দুৰ্ভাগ্যজনক অগ্নিকাণ্ডৰ ঘটনাৰ লগতে দুমাহ পূৰ্বে মাৰুৱাৰী পট্টিত সংঘটিত হোৱা বৃহৎ অগ্নিকাণ্ডৰ দৰে ঘটনাৰ ফলত বহুতো ৰাজহুৱা সম্পত্তিৰ ক্ষতিসাধন হৈছে আৰু ভৱিষ্যতে যাতে এনে ঘটনাৰ পুনৰাবৃত্তি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ অধ্যক্ষ তথা জিলা উপায়ুক্তই আজি এক নিৰ্দেশ যোগে আন্ত: বিভাগীয় টাস্ক ফ’ৰ্চ গঠন কৰি দিছে৷ দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণ আইন ২০০৫ ৰ অধীনত জাৰি কৰা উক্ত নিৰ্দেশ অনুসৰি যোৰহাট দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ নডেল বিষয়া তথা অতিৰিক্ত উপায়ুক্ত দামোদৰ বৰ্মনৰ নেতৃত্বত উক্ত টাস্ক ফ’ৰ্চে যোৰহাট নগৰৰ দোকান,ব্যৱসায়িক প্ৰতিষ্ঠান সমূহ, বজাৰ, মাৰ্কেট কমপ্লেক্স, আৱাসীক আট্টালিকা, নাৰ্চিং হোম আদিত অগ্নি/বিদ্যুতৰ সুৰক্ষা ব্যৱস্থাৰ লগতে গৃহ নিৰ্মাণৰ সুৰক্ষা ব্যৱস্থা সমূহ সঠিকভাৱে পালন কৰিছে নাই নিৰীক্ষণ কৰি উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিব৷ নডেল বিষয়া গৰাকীৰ সৈতে ১৯ জনীয়া দলটোক নিৰীক্ষণ সম্পূৰ্ণ কৰি অহা ৩০ মাৰ্চৰ ভিতৰত জিলা উপায়ুক্তক যাৱতীয় প্ৰতিবেদন( তথ্য আৰু পৰামৰ্শ) দাখিল কৰিবলৈ নিৰ্দেশ দিয়া হৈছে৷  
You might also like