নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত ২৫ হাজাৰ ৰান বিৰাট কোহলীৰ

নিয়মীয়া বাৰ্তা, ১৮ ফেব্রুৱাৰী: দিল্লীত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে খেলা দ্বিতীয়খন টেষ্ট মেচত ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক বিৰাট কোহলীয়ে আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰত আন এক অভিলেখ স্পৰ্শ কৰিলে। আজি আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত ২৫০০০ ৰানৰ সীমা স্পৰ্শ কৰা ৬ নং আন্তঃৰাষ্ট্ৰীয় খেলুৱৈ হিচাপে পৰিগণিত হয় কোহলি। একে সময়তে এই তালিকাত শচীন তেণ্ডুলকাৰৰ পিছত কোহলীও দ্বিতীয় ভাৰতীয় খেলুৱৈ হিচাপে পৰিগণিত হৈছে।

ইপিনে এই অভিলেখত উপনীত হোৱাৰ ক্ষেত্ৰত অতি কম ইনিংছ খেলা বেটছমেন হিচাপে পৰিগণিত হৈছে বিৰাট কোহলী। তেওঁৰ পূৰ্বে শচীন টেণ্ডুলকাৰে ৫৭৭ সংখ্যক ইনিংছত ২৫০০০ আন্তঃৰাষ্ট্ৰীয় ৰান সম্পূৰ্ণ কৰিছিল আৰু অষ্ট্ৰেলিয়াৰ প্ৰাক্তন অধিনায়ক ৰিকি পণ্টিঙে ৫৮৮ ইনিংছত ৰান সম্পূৰ্ণ কৰিছিল। কিন্তু বিৰাট কোহলীয়ে মাত্ৰ ৫৪৯ ইনিংছতে এই সংখ্যা স্পৰ্শ কৰে।

You might also like