মৈৰাবাৰীত পৰিবহণ বিভাগৰ অভিযানত জব্দ ডাম্পাৰ-এক্সেভেটৰ
নিয়মীয়া বাৰ্তা, ২১ ফেব্ৰুৱাৰী : মৰিগাঁও জিলাৰ মৈৰাবাৰীকে আদি কৰি ইয়াৰ পাৰ্শ্বৱৰ্তী এলেকাসমুহত বিগত কিছুদিন ধৰি ডাম্পাৰ আৰু ট্ৰেক্টৰৰ দৌৰাত্মত সাধাৰন ৰাইজ অতিষ্ট হৈ পৰাত আজি পূৱা জিলাখনৰ পৰিবহন বিষয়া বাপন কলিতাৰ নিৰ্দেশত সহকাৰী প্ৰৱৰ্ত্তক বিষয়া চন্দন বুঢ়াগোাহাঁইৰ নেতৃত্বত এটা অভিযানকাৰী দলে মৈৰাবাৰী বজাৰৰ পৰা তিনিখন এক্সেভেটৰ, চাৰিখন ডাম্পাৰ আৰু এখন অভাৰলোট টাটা ডিআই গাড়ী জব্দ কৰি মৈৰাবাৰী আৰক্ষীক চমজাই দিয়ে। মৈৰাবাৰী এলেকাত ডাম্পাৰ, ট্ৰেক্টৰ আৰু ই-ৰিক্সাৰ অতপালিৰ ফলত বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে আনকি ৰাজপথত নামি প্ৰতিবাদো সাব্যস্ত কৰিছিল। জিলা পৰিবহন বিভাগক এইসকল ঘাতকৰূপী ট্ৰেক্টৰ, ডাম্পাৰ আৰু ই-ৰিক্সাৰ চালকসকলক নাকী লগাবলৈ সৰ্বসাধাৰন ৰাইজে আহ্বান জনাইছে।
প্ৰেৰক তাৰিকুল ইছলাম