নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আন্তঃৰাষ্ট্ৰীয় মাতৃভাষা দিৱসত নাহৰকটীয়া মহাবিদ্যালয়ত বক্তৃতা প্ৰতিযোগিতা

বিশেষ বাৰ্তা, ২১ ফেব্ৰুৱাৰী: আন্তঃৰাষ্ট্ৰীয় মাতৃভাষা দিৱসৰ লগত সংগতি ৰাখি নাহৰকটীয়া মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ উদ্যোগত আজি “মাতৃভাষাৰ গুৰুত্ব আৰু প্ৰয়োজনীয়তা” শীৰ্ষক এক বক্তৃতা প্ৰতিযোগিতা অনুষ্ঠিত হয়৷ অসমীয়া বিভাগৰ সহকাৰী অধ্যাপক ড° পৰেশ খনিকৰে আঁত ধৰা নুষ্ঠানটোৰ শুভাৰম্ভ কৰে মহাবিদ্যালয়ৰ অধ্যক্ষ ড° জ্যোতিপ্ৰসাদ কোঁৱৰে৷ প্ৰায় ডেৰকুৰিৰো অধিক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰা এই প্ৰতিযোগিতাত ক্ৰমে কাস্মিৰী গায়নে প্ৰথম, মুকুল কিশোৰ সোনোৱালে দ্বিতীয়, শান্তনু কেওটে তৃতীয় আৰু প্ৰণামী বৰাই উদগনিমূলক পুৰস্কাৰ লাভ কৰে৷ মহাবিদ্যালয়ৰ প্ৰশাসনিক সমন্বয়ক তথা অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক ড° স্মৃতিৰেখা গগৈ গায়ন, অসমীয়া বিভাগৰ সহকাৰী অধ্যাপক ক্ৰমে ৰুণুমী সোনোৱাল, ড° জ্যোতিৰেখা গগৈ আৰু ড° সংগীতা গগৈয়ে অনুষ্ঠানত উপস্থিত থকি সৌষ্ঠৱ বৃদ্ধি কৰাৰ লগতে ভাষা আৰু জাতি জীয়াই ৰখাৰ ক্ষেত্ৰত মাতৃভাষাৰ গুৰুত্ব আৰু প্ৰয়োজনীয়তা সম্পৰ্কত সময়োপযোগী বিশ্লেষণ দাঙি ধৰে।

প্ৰেৰক প্ৰাঞ্জল ভূঞা

You might also like