পাঠশালাত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যালয়ৰ আধাৰশিলা স্থাপন মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ
নিয়মীয়া বাৰ্তা, ২০ফেব্ৰুৱাৰীঃ আজি বজালীৰ শ্বহীদ মদন ৰাউতা নগৰত অৱস্থিত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বজালী সংমণ্ডলৰ কায্যালয় নিৰ্মাণৰ শুভাৰম্ভ কৰি অসম চৰকাৰৰ জেষ্ঠ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে কয় যে এই কাৰ্যালয়টো নিৰ্মাণ হৈ উঠিলে ৰাইজৰ এটি বহুদিনীয়া অভাৱ পূৰণ হব৷ তেওঁ পুনৰাই কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ “২০২৪ চনৰ ভিতৰত গ্ৰামাঞ্চলৰ প্ৰতি ঘৰে ঘৰে খোৱাপানীৰ নল যোগান সপোনক বাস্তৱায়িত কৰাৰ ক্ষেত্ৰত নিৰ্মাণ হ’বলগীয়া এই কাৰ্যালয়টোৱে উল্লেখনীয় ভূমিকা গ্ৰহণ কৰিব৷
আনহাতে এই অনুষ্ঠানত অংশগ্ৰহণ কৰি সাংবাদিকেৰে হোৱা বাৰ্তালাপত ভৱানীপুৰ সমষ্টিৰ বিধায়ক ফণীধৰ তালুকদাৰে কংগ্ৰেছ দল সম্পৰ্কত মন্তব্য কৰি কয় যে আগন্তুক বিশ-ত্ৰিশ বছৰ অসমৰ ৰাজনীতিত কংগ্ৰেছ দলৰ কোনো কাম নাথাকিব৷ তেওঁলোকে এনেয়ে বহি শুই সময় কটাব লাগিব৷ বিজেপিৰ বিধায়কগৰাকীয়ে কয় যে নিৰ্বাচনৰ আগতহে ভূপেন বৰাৰ নামহে শুনা যায়, কিন্ত তেওঁলোকৰ ৰাজনৈতিক ফলাফল একেবাৰে শূণ্য৷ এইবাৰ লোকসভা নিৰ্বাচনতো কংগ্ৰেছে দলে পুনৰ মূখ ঠেকেচা খাব৷ তেওঁলোকে সংখ্যালঘু দলৰ লগ হৈও নিৰ্বাচনত একো কৰিব নোৱাৰে৷ তালুকদাৰে সংখ্যালঘুসকলৰ কথা ভালকৈ জনা বুলি উল্লেখ কৰি কয় যে মিত্ৰতা হ’লেও নহলেও সিহতে কিন্তু এটা জাগাতে ভোট মাৰে৷ আজি এক মাঙ্গলিক অনুষ্ঠানৰ মাজেৰে এই আধাৰশিলা স্থাপন কৰা অনুষ্ঠানত জনস্বাস্থ্য কাৰিকৰী বিভাগ বজালী সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তাকে প্ৰমুখ্য কৰি বিষয়াসকল আৰু স্থানীয় ৰাইজ উপস্থিত থাকে৷