নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আধুনিক মায়ঙৰ খনিকৰ দিপন চন্দ্ৰ নাথৰ আবক্ষ মূৰ্তি উন্মোচন

নিয়মীয়া বাৰ্তা, ২৫ ফেব্ৰুৱাৰী : মৰিগাঁৱৰ মায়ং আঞ্চলিক মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ সন্মিলনৰ উদ্যোগত আজি দিনজোৰা কাৰ্যসূচীৰে প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সমাৰোহ অনুষ্ঠিত হয়। পুৱাৰ ভাগত মাৰাথান দৌৰ প্ৰতিযোগিতাৰে সমাৰোহৰ কাৰ্যসূচী আৰম্ভ কৰা হয়। পুৱা ১০ বজাত মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ মহানন্দ বৰা উপস্থিত থাকিব নোৱাৰাৰ বাবে মহাবিদ্যালয়ৰ পতাকা উত্তোলন কৰে জ্যেষ্ঠ অধ্যাপক ড০ গুনেশ্বৰ ডেকা আৰু প্ৰাক্তন ছাত্ৰ সন্মিলনৰ সভাপতি বীৰেশ্বৰ কেলেঙে। শ্বহীদ তৰ্পণ কৰে মায়ঙৰ বিশিষ্ট সমাজ কৰ্মী বুদ্ধেশ্বৰ নাথ,ৰামচন্দ্ৰ শইকীয়া আৰু প্ৰাক্তন গাঁও প্ৰধান হেম ডেকাই। মহাবিদ্যালয়ৰ চৌহদত এটি গছপুলি ৰোপন কৰে অৱসৰপ্ৰাপ্ত শিক্ষক সত্যেন্দ্ৰ লহকৰে। সাংবাদিক নজৰুল ইছলামে আত ধৰা ৰসাল অন্তৰংগ আলাপ অনুষ্ঠানটো উপভোগ কৰি আপ্লুত হৈ পৰে ছাত্ৰছাত্ৰী সকল। আজিৰ দিনটোৰ উল্লেখযোগ্য কাৰ্যসূচী হিচাপে প্ৰাক্তন ছাত্ৰ সন্মিলনীৰ উদ্যোগত মহাবিদ্যালয়ৰ চৌহদত নিৰ্মাণ কৰা মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক সম্পাদক তথা মায়ং খনিকৰ প্ৰয়াত দিপন চন্দ্ৰ নাথৰ আৱক্ষ মূৰ্তি এটা উন্মোচন কৰে মৰিগাঁও জিলাৰ উপায়ুক্ত দেৱাশীষ শৰ্মাই। প্ৰতিমূৰ্ত্তি উন্মোচন কৰি মৰিগাঁও জিলাৰ উপায়ুক্ত দেৱাশীষ শৰ্মাই আধুনিক মায়ঙৰ খনিকৰ গৰাকীক শ্ৰদ্ধাৰে সুঁৱৰি সাৰগৰ্ভ বক্তব্য প্ৰদান কৰে। উপায়ুক্ত গৰাকীয়ে তেখেতৰ ভাষণত কয় যে মায়ং খনিকৰ ৰূপে জনাজাত দিপন চন্দ্ৰ নাথৰ জীৱন দৰ্শন, আদৰ্শ আৰু কৰ্মৰাজিৰ বিষয়ে নতুন প্ৰজন্মই জনাটো অত্যন্ত প্ৰয়োজন। প্ৰাক্তন ছাত্ৰ সন্মিলনীয়ে বিশিষ্ট সমাজ কৰ্মী গৰাকীৰ আৱক্ষ মূৰ্তি স্থাপন কৰি যি মহানতা প্ৰদৰ্শন কৰিলে তাৰ বাবে উদ্যোক্তা সকলক ধন্যবাদ জনাই উপায়ুক্ত গৰাকীয়ে। দিনৰ ১২ বজাত মায়ঙৰ পৰম্পৰাগত ৰজা তৰনিকান্ত সিংহ কোৱৰৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাত মায়ঙৰ তিনি গৰাকী বিশেষ ব্যক্তিক প্ৰাক্তন ছাত্ৰ সন্মিলনৰ তৰফৰ পৰা বটা প্ৰদান কৰে।মায়ঙৰ লোক সংস্কৃতিৰ গৱেষক তথা মায়ং গ্ৰাম্য সংগ্ৰাহলয় আৰু গৱেষণা কেন্দ্ৰৰ সভাপতি লোকেন্দ্ৰ হাজৰিকাক মায়ং বৈভৱ, মায়ং আঞ্চলিক মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ড০ ফনিভূষন নাথক “মায়ং শিক্ষা সূৰ্য বটা” আৰু মায়ং আঞ্চলিক মহাবিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ অধ্যাপক , মায়ং পবিতৰা পৰ্যটনৰ বাটকটীয়া তথা মায়ং গ্ৰাম্য সংগ্ৰহালয় আৰু গৱেষণা কেন্দ্ৰৰ সম্পাদক ড০ উৎপল নাথক “মায়ং বিভূতি” বঁটা প্ৰদান কৰে। তাৰোপৰি নাকৰ দ্বাৰা ভাল ফলাফল লাভ কৰা মহাবিদ্যালয় কৰ্তৃপক্ষক বিশেষ সম্বৰ্ধনা জনায়। সভা খনৰ আদৰণি ভাষণ ৰাখে অধ্যাপক গুনেশ্বৰ ডেকাই। প্ৰাক্তন ছাত্ৰ সমাৰোহ উদযাপন সমিতিৰ সম্পাদক মনিৰত্ন ডেকাই আদৰণি অনুষ্ঠান আত ধৰাৰ পিছতেই উদ্দেশ্য ব্যাখ্যা কৰে প্ৰাক্তন ছাত্ৰ সন্মিলন ৰ সম্পাদক ভৰত বিষয়াই। প্ৰয়াত দিপন চন্দ্ৰ নাথৰ প্ৰতিমূৰ্তি স্থাপনৰ তাৎপৰ্য আৰু প্ৰাক্তন ছাত্ৰ সন্মিলন ৰ ভূমিকাৰ ওপৰত ভাষণ দিয়ে অধ্যাপক ড০ উৎপল নাথে। মায়ং আঞ্চলিক মহাবিদ্যালয়ৰ ইতিহাস আৰু ক্ৰমবিকাশ সম্পৰ্কে বক্তব্য আগবঢ়াই প্ৰতিষ্ঠাপক অধ্যক্ষ ড০ ফনিভূষন নাথে।মুকলি সভাৰ আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকি যুৱ প্ৰজন্মক উদ্দেশ্য কৰি বক্তব্য আগবঢ়াই যুৱ লেখিকা তথা গৱেষিকা ছাত্ৰী কংকনা মেধিয়ে।লগতে গ্ৰাম্য পৰ্যটন আৰু মায়ঙৰ ঐতিহাসিক সমল সমুহৰ সংৰক্ষণ ৰ ক্ষেত্ৰত স্থানীয় ৰাইজৰ দায়বদ্ধতা শীৰ্ষক বক্তব্য ৰাখে প্ৰৱক্তা ড০ স্বপ্না মেধিয়ে।সভাত উপস্থিত থাকে মায়ং অঞ্চলৰ যথেষ্ট সংখ্যক বিশিষ্ট নাগৰিক, প্ৰাক্তন ছাত্ৰ আৰু বৰ্তমান ৰ অধ্যয়নৰত ছাত্ৰ ছাত্ৰী সকল।বিয়লিৰ ভাগত অনুষ্ঠিত সাংস্কৃতিক অনুষ্ঠানত গীত পৰিৱেশন কৰে ভালে কেইগৰাকী প্ৰাক্তন ছাত্ৰ ছাত্ৰীয়ে।উল্লেখযোগ্য যে প্ৰাক্তন ছাত্ৰ সমাৰোহ আয়োজন ৰ বাবে যোৱা ১৮ ডিচেম্বৰ ত মায়ং আঞ্চলিক মহাবিদ্যালয় প্ৰাঙ্গনত প্রাক্তন ছাত্র সন্মিলনৰ স্থায়ী সভাপতি বীৰেশ্বৰ কেলেঙৰ সভাপতিত্বত এখন সাধাৰণ সভা অনুষ্ঠিত হৈছিল। সাধাৰণ সভাই জয়ন্ত শইকীয়াক সভাপতি, লক্ষ্মণ শইকীয়া, ৰফিকুল ইছলামক উপ-সভাপতি, মনিৰত্ন ডেকা আৰু দ্বীপ কুমাৰ শইকীয়াক যুটীয়া সম্পাদক হিচাপে বাছনি কৰি এখন উদযাপন সমিতি গঠন কৰি প্ৰস্তুতি চলাইছিল।

প্ৰেৰক হৰিপ্ৰসাদ মল্লিক

You might also like