নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বন্দী বন্দনাৰ বিস্ফোৰণ : পত্নীৰ উপৰি মেঘালয়ৰ যুৱতীৰে অভিসাৰ ‘স্বামী’ অমৰজ্যোতিৰ

বিশেষ বাৰ্তা, ২৫ ফেব্রুৱাৰীঃ ঘাতক বন্দনাৰ নৃশংস হত্যাকাণ্ডৰ কাহিনীয়ে বাকৰুদ্ধ কৰাৰ পিছত এতিয়া ৰহস্যৰ আৱৰণখন ক্রমাৎ অনাবৃত হ’বলৈ ধৰিছে৷ এই ৰহস্যৰ উত্তৰ বিচাৰি আৰক্ষীয়ে চলোৱা তদন্তত পোহৰলৈ আহিবলৈ ধৰিছে নিন্দিত বন্দনাৰ অকথিত কাহিনীবোৰ৷ ১২ বছৰ পূর্বে প্রেমসূত্ৰে নাৰেংগীৰ অমৰজ্যোতিৰে বিবাহপাশত আবদ্ধ হৈছিল বন্দনা৷ কর্মসংস্থাপন নথকা স্বামীক কল ছেণ্টাৰত কাম কৰি আর্থিকভাৱে সহায় কৰিছিল বন্দনাই৷ কিয়নো দুয়োটা পৰিয়ালৰ অমতত বিয়াত বহিছিল বন্দনা–অমৰজ্যোতিয়ে৷ তথাপি এখন সুখৰ সংসাৰ কল্পনা কৰি অমৰজ্যোতিৰ সৈতে সংসাৰৰ পাতনি মেলা বন্দনাৰ আগত লাহে লাহে উদ্ভাষিত হ’বলৈ ধৰে স্বামী অমৰজ্যোতি দে’ৰ প্রকৃত স্বৰূপ৷ প্রথম অৱস্থাত সুৰাত মছগুল হোৱা অমৰজ্যোতিয়ে দিন যোৱাৰ লগে লগে আশ্রয় লৈছিল ড্রাগছত৷ ড্রাগছ সেৱনে অমৰজ্যোতিক এটা পশুলৈ ৰূপান্তৰিত কৰিছিল৷ অসাৰ লগা হৈছিল বন্দনাৰ প্রেম৷ আশ্রয় লৈছিল পৰকীয়া নাৰীৰ৷ মেঘালয়ৰ এগৰাকী যুৱতীৰ সৈতে অবৈধ প্রেমৰ সম্পর্ক আছিল অমৰজ্যোতিৰ৷ বন্দনাৰ সন্মুখতে প্রেমিকাৰ সৈতে যৌন অভিসাৰত জড়িত হৈছিল অমৰজ্যোতি৷ এইবোৰ দেখিও অকথ্য নিৰ্যাতনৰ ভয়ত নীৰৱে থাকিবলৈ বাধ্য হৈছিল বন্দনাই৷ ইফালে বিভিন্ন কথাৰে আৰক্ষীক বিভ্রান্ত কৰা বন্দনাই এতিয়া লাহে লাহে মুখ খুলিবলৈ আৰম্ভ কৰিছে৷ আৰক্ষী সূত্রই সদৰি কৰা মতে বন্দনাৰ বিস্ফোৰক স্বীকাৰোক্তিসমূহে বর্তমান তদন্তকাৰী আৰক্ষীকো হতভম্ব কৰি তুলিছে৷ নৃসংশ হত্যাকাণ্ড দুটা সংঘটিত কৰাৰ আঁৰত যে ভয়ানক কাৰণ আছে সেয়া নিশ্চিত হৈছে আৰক্ষী৷ উল্লেখ্য যে কেইবাদিনো ধৰি নিজৰ প্রেয়সীৰ লগতে আন কেইবাজনো যুৱতীক নাৰেংগীৰ ঘৰলৈ আনি যৌন অভিসাৰত লিপ্ত হৈছিল অমৰজ্যোতি৷ কিছু বছৰ পূর্বে শাহু শংকৰী দে’কো পুত্রৰ চৰিত্র সম্পর্কত এই ভয়ানক কথাবোৰ অৱগত কৰিছিল বন্দনাই৷ কিন্তু পুত্রৰ বিৰুদ্ধে কোনো ধৰণৰ অভিযোগ শুনিবলৈ অমান্তি আছিল শংকৰী৷ শাহুক পতিয়ান নিয়াবলৈ বন্দনাই এদিনাখন অমৰজ্যোতিৰ অভিসাৰৰ মুহূর্তসমূহ ম’বাইলত গোপনে বন্দী কৰি শংকৰী দে’ক দেখুৱাইছিল৷ শাহুৱেকে কেৱল ধৈর্য্য ধৰিবলৈ কৈ এৰাই চলিছিল পুত্রৰ দুষ্কার্যক৷ যাৰ বাবে একপ্রকাৰ শাহুৱেকৰ ওপৰতো ক্ষোভিত হৈ পৰিছিল বন্দনাই৷ যোৱা প্রায় দুবছৰ পূর্বে স্বামীৰ পৰকীয়া প্রেমক লৈ আৰক্ষীৰ দ্বাৰস্থ হৈছিল বন্দনাই৷ হত্যাকাণ্ডটো পোহৰলৈ অহাৰ পিছত নাৰেংগীৰ অমৰাৱতী এপার্টমেণ্টত থকা কেইবাজনো ভাড়াতীয়াই এই কথা সদৰি কৰিছিল৷ পুত্রৰ অভিসাৰত অতিষ্ঠ হৈ মাতৃ শংকৰীয়ে বন্দনাক স্বাৱলম্বী হোৱাৰ পৰামর্শ দিছিল৷ সেইমর্মে জিম ট্রেইনাৰৰ প্রশিক্ষণ লোৱাৰ বাবে সাজু হৈছিল বন্দনাই৷ আৰম্ভণিতে সকলো খৰচ বহন কৰিলেও পৰৱর্তী পর্যায়ত ধন দিবলৈ অমান্তি হৈছিল শাহুৱেক শংকৰী৷ প্রশিক্ষণৰ খৰচ উলিয়াবলৈ মহানগৰীৰ কেইবাটাও আগশাৰীৰ জিমত চাকৰি বিচাৰি স্বত্বাধিকাৰীৰ কাষ চাপিছিল বন্দনাই৷ কিন্তু চেষ্টা কৰিও চাকৰি পোৱা নাছিল৷ সকলো গ্লানি, দুখ বুকুত সাবটি স্বামী আৰু শাহুৰ সৈতে আছিল বন্দনাই৷ দিনে– নিশাই ড্রাগছ সেৱন কৰাৰ পিছত স্বাস্থ্যৰ অৱনতি ঘটিছিল অমৰজ্যোতিৰ৷ পুত্রৰ দশা দেখি পুনৰ বোৱাৰী বন্দনাৰ কাষ চাপিছিল শাহু শংকৰী৷ পূর্বৰ দৰেই মৰম–চেনেহেৰে ভৰাই পেলাইছিল বন্দনাক৷ শাহুৰ এই মৰমৰ আচল অর্থ উপলব্ধি কৰি ভিতৰে ভিতৰে ক্ষুণ্ণ হৈ পৰিছিল বন্দনাই৷ চিন্তা কৰিছিল প্রতিশোধ লোৱাৰ৷ কিন্তু দুর্বল আর্থিক অৱস্থাই বন্দনাক সেই সময়ত এই কথা চিন্তা কৰিবলৈ সুবিধা দিয়া নাছিল৷ পুত্র স্নেহৰ বশৱর্তী হোৱা শাহুৱেকৰ দুর্বলতাৰ সুযোগ লৈ লাহে লাহে নিজৰ ইচছা মতে শংকৰীৰ পৰা ধন আদায় কৰিছিল বন্দনাই৷ এফালে স্বামীৰ পৰা পোৱা অৱহেলা আৰু আনফালে শাহুৱেকৰ অনাদৰে বন্দনাক কাষ চপাই নিছিল এসময়ৰ সহপাঠী ধনটি ডেকাৰ ওচৰলৈ৷ আৰক্ষী সূত্রই জনোৱা মতে একেখন মহাবিদ্যালয়ত অধ্যয়ন কৰা ধনটিক বহুবাৰ নিজৰ সৈতে হোৱা দুর্দশাৰ কাহিনীবোৰ অৱগত কৰিছিল বন্দনাই৷ চাকৰি নিবিচাৰি ব্যৱসায়ক সম্বল হিচাপে লোৱা ধনটিক গাড়ী কিনাৰ ক্ষেত্রতো আর্থিকভাৱে সহায় কৰিছিল বন্দনাই৷ অকল সেয়াই নহয়, একমাত্র ভগ্নীৰ বিবাহৰ ক্ষেত্রতো বন্দনাই ধনটিক ধনেৰে সহায় কৰিছিল৷ ঠিক একেদৰে ঘটনাটোৰ আন এগৰাকী অভিযুক্ত অৰূপ ডেকাকো বিবাহৰ বাবে ২ লাখ টকা আদায় দিছিল বন্দনাই৷ সেই টকাৰে যোৱা ২ ফেব্রুৱাৰীত বিবাহ পাতিছিল অৰূপে৷ আৰক্ষীৰ জেৰাত অৰূপ ডেকাই এই কথা স্বীকাৰ কৰিছে৷ আর্থিকভাৱে স্বাৱলম্বী হোৱা বন্দনা বোন্দাৰ সোণালী নগৰৰ পিতৃগৃহৰ ভাৰাতীয়া হিচাপে থকা ধনটি ডেকাৰ ভাৰাঘৰতে ৰচিছিল নৃশংস হত্যাকাণ্ড দুটাৰ ব্লুপ্রিণ্ট৷ সেইমর্মে অতি শীতল মস্তিষ্কৰে নীৰৱে হত্যা কৰিছিল স্বামী আৰু শাহুক৷ বন্দনাসহ তিনিও হত্যাকাৰীক মুখামুখিকৈ আৰক্ষীয়ে চলোৱা মাৰাথান জেৰাত একপ্রকাৰ উত্তেজিত হৈ বন্দনাই কৈছিল– ‘সি মোৰ গোটেই জীৱনটো ধ্বংস কৰি পেলালে৷ গতিকে মোৰ কোনো অনুশোচনা নাই৷’ কালি নিশা পাণবজাৰ মহিলা আৰক্ষী থানাত বন্দনা কলিতাক জেৰা চলোৱাৰ পিছত আজি পুৱা প্রায় সাত বজাত বন্দনাসহ তিনি অভিযুক্তক লৈ মাতৃ–পুত্রৰ মৃতদেহৰ অৱশিষ্ট বিচাৰি ডাউকীৰ পমলুমলৈ ৰাওনা হয় আৰক্ষীৰ দল৷ দুখনকৈ এছকোর্ট গাড়ীৰে তিনি হত্যাকাৰীক লৈ যোৱা আৰক্ষীয়ে ডাউকীৰ কেবা স্থানতো চলালে অৱশিষ্টৰ সন্ধান৷ মেঘালয় আৰক্ষীৰ সহযোগত দ’ পাহাৰৰ প্রায় এক কিঃ মিটাৰ তললৈ গৈ চলোৱা অভিযানত নীলা ৰঙৰ প্লাষ্টিকৰ টুকুৰাৰ বাদে আজি বিশেষ একো উদ্ধাৰ কৰিব নোৱাৰিলে আৰক্ষীয়ে৷ মন কৰিবলগীয়া যে কিছুদিন পূর্বে আৰক্ষীয়ে শংকৰী দে’ৰ মৃতদেহৰ অধিকাংশই উদ্ধাৰ কৰাৰ লগতে অমৰজ্যোতি দে’ৰ দেহৰ এক অংশহে উদ্ধাৰ কৰিছিল৷ কিন্তু আজি পর্যন্ত শংকৰী–অমৰজ্যোতিৰ ছিন্ন মুণ্ডৰ সন্ধান নোলাল৷ বন্দনাই দেখুৱাই দিয়া মতে অভিযান চলোৱা হৈছে যদিও মৃতদেহ দুটাৰ সম্পূর্ণ অৱশিষ্ট এতিয়ালৈ বিচাৰি পোৱা নাই আৰক্ষীয়ে৷ কাইলৈ ধনটি ডেকা আৰু অৰূপ ডেকাৰ জিম্মাৰ ম্যাদ অন্ত পৰা হেতুকে আদালতত হাজিৰ কৰিব আৰক্ষীয়ে৷ ঠিক একেদৰে বন্দনা কলিতাৰো সোমবাৰে জিম্মাৰ ম্যাদ অন্ত পৰিব৷ পৰৱর্তী তদন্তৰ বাবে তিনিওজনকে পুনৰ আৰক্ষীয়ে নিজৰ জিম্মাত বিচৰাৰ সম্ভাৱনা আছে৷

You might also like