মদৰ বিপনীৰ অনুজ্ঞাপত্ৰ প্ৰদানৰ পৰা চৰকাৰক আঁতৰি থকাৰ আহ্বান সত্ৰাধিকাৰ জনাৰ্দন দেৱ গোস্বামীৰ
নিয়মীয়া বাৰ্তা, ২৫,ফেব্ৰুৱাৰী: ৰাজ্য চৰকাৰে সুৰাৰ অনুজ্ঞাপত্ৰ দিয়াৰ নিতী- নিয়ম সমুহ সালসলনি কৰি ব্যৱসায়ী সকলে সহজে মদৰ বিপনীৰ অনুজ্ঞাপত্ৰ কৰিব পৰা বিষয়টোৰ সৰব চৰ্চা চলি থকাৰ মাজতে ৰাষ্টাৰ স্বয়ংসেৱক সংঘৰ উত্তৰপূৰ্বঞ্চলৰ প্ৰচাৰ প্ৰমুখ বৈশিষ্ট্য বোজৰবৰুৱাৰই শেহতীয়াকৈ সুৰাৰ বিপনীৰ বিৰোধী কথাই অসম চৰকাৰক বিষয়টোত বিবুদ্ধিত পেলোৱা বুলি এক সূত্ৰৰ জড়িয়তে জানিব পৰা গৈছে ৷ কিন্তু বোজৰবৰুৱাৰ সুৰতেই সুৰ মিলাই মাজুলীৰ জেংৰাইমুখৰ এখন ধৰ্মীয় সভাত ভাষণ প্ৰদান কৰি মাজুলীৰ উত্তৰ কমলাবাৰী সত্ৰাধিকাৰ জনাৰ্দন দেৱ গোস্বামীয়ে একপ্ৰকাৰে সুৰাৰ বিৰুদ্ধে গৰজি উঠা পৰিলক্ষিত হল। সত্ৰাধিকাৰ গৰাকীয়ে কয় যে-মদৰ দোকানৰ লাইচেন্স দি, মদৰ পৰা কৰ সংগ্ৰহ কৰি এখন হস্পিতেল কৰাতকৈ সেইখন হস্পিতেল নকৰাই ভাল। ১০০ খন মদৰ অনুজ্ঞাপত্ৰ দি আমাৰ জেষ্ঠ-কণিষ্ঠ সকলক পংগু কৰি হস্পিতেলত চিকিৎসা কৰাৰ প্ৰয়োজনীয়তা আমি অনুভৱ নকৰোঁ। সেই ক্ষেত্ৰত উঠি অহা প্ৰজন্মক সজাগ হবলৈ আহ্বান জনায়। মাদক দ্ৰব্য, ড্ৰাগছ আদিৰ পৰা সমাজখনক ৰক্ষা কৰিব লাগিব। সেয়ে মদৰ সকলো লাইচেন্স বন্ধ কৰিবলৈ তেওঁ চৰকাৰৰ প্ৰতি আহ্বান জনায়। তেওঁ জনগোষ্ঠীয় লোক সকলে যাতে নিজৰ জনগোষ্ঠীয় পানীয় সমূহ বিশেষ উৎসৱ বাবেহে ব্যৱহাৰ কৰে তাৰ বাবে আহ্বান জনায়। সত্ৰাধিকাৰ গৰাকীৰ এই মন্তব্যৰ পিছতে মাজুলীৰ বিভিন্ন দল-সংগঠনে মাজুলীত চলি থকা অবৈধ্য মদৰ ৰমৰমীয়া সুৰাৰ বেপাৰ বন্ধৰ বাবে মাজুলী জিলা প্ৰশাসনক কঠোৰ ব্যৱস্থা গ্ৰহণৰ আহ্বান জনাই ৷
( প্ৰাঞ্জল খাউণ্ড )