নিয়মীয়া বাৰ্তা, ২৬ ফেব্ৰুৱাৰীঃ দিছপুৰ হাস্পতালত এক ব্যতিক্ৰমী অনুষ্ঠানে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে। ৰোগাক্ৰান্ত এজন শিল্পীৰ জীৱন আধাৰত সম্পাদনা কৰা এখন আলোচনী “সেউজী সেউজী” শিল্পীজনৰ দ্বাৰাই উন্মোচন কৰি প্ৰকাশক আৰু সম্পাদকে এক অনন্য নিদৰ্শন ডাঙি ধৰিলে। উল্লেখযোগ্য যে জটিল ৰোগত আক্ৰান্ত হৈ আন্তৰ্জাতিক খ্যাতিসম্পন্ন বাঁহীবাদক দীপক শৰ্মাই হায়দৰাবাদলৈ চিকিৎসাৰ বাবে যায় যদিও ধনৰ অভাৱত উভতি আহি দিছপুৰ হাস্পতালত চিকিৎসাধীন হৈ আছে। তাৰ পাছতে কালি সন্ধিয়া গ্ৰন্থ উন্মোচন কৰি ৰাইজক আৱেগিক কৰি তোলে। বিশিষ্ট শিল্পীজনক জীয়াই তুলিবলৈ ৰাইজে ধন প্ৰদান কৰাৰ লগতে বিশিষ্ট কবি প্ৰণৱ কুমাৰ বৰ্মনৰ নেতৃত্বত বহু শিল্পী-কবিয়ে ৰাজপথতো ধন সংগ্ৰহ কৰে। তাৰপাছতে সংগৃহীত ধনেৰে পুনৰ চিকিৎসাৰ বাবে দিল্লীলৈ যাবলৈ শিল্পীজনে সিদ্ধান্ত গ্ৰহণ কৰে। দিল্লীলৈ যোৱাৰ পূৰ্বে অসমৰ আটাইতকৈ পুৰণি কাব্যালোচনী “সেউজী সেউজী”ৰ দীপক শৰ্মাৰ জীৱন কথা, সৃষ্টি আৰু আন কবিৰ দীপক শৰ্মাৰ ওপৰত আলোকপাতক লৈ সম্পাদিত এটা বিশেষ সংখ্যা দিছপুৰ হাস্পতালত উন্মোচন কৰি সম্পাদক পুলক বৰ্মন, সমন্বয়ক প্ৰণৱ কুমাৰ বৰ্মন, ডা: চন্দন মোদক আদিয়ে শিল্পীজনৰ আশুআৰোগ্য কামনা কৰে।উল্লেখযোগ্য যে ৰাইজৰ বিপুল দান বৰঙণিৰ পাছত বিজেপিৰ সাংগঠনিক সম্পাদক ফণীন্দ্ৰ নাথ শৰ্মাই হাস্পটাললৈ আহি চিকিৎসা ব্যয়ৰ সিংহভাগ প্ৰদান কৰিব বুলি ঘোষণা কৰে। এই ক্ষেত্ৰত যুব নেতা জগদীশ দত্তই বিশেষ ভূমিকা লয়।তেনেদৰে মুখ্যমন্ত্ৰীৰ ভাতৃ সুশান্ত বিশ্ব শৰ্মাইও বুজন পৰিমাণৰ ধন প্ৰদান কৰিব বুলি শিল্পীজনক জানিবলৈ দিয়ে।তাৰপাছতে দিল্লীলৈ চিকিৎসাৰ বাবে যাত্ৰা কৰে শিল্পীজনে। শিল্পী গৰাকী সুস্থ হৈ উভতি আহক তাৰেই প্ৰাৰ্থনা কৰিছে ৰাজ্যৰ লগতে নলবাৰীৰ বিভিন্ন দল সংগঠনে।
প্ৰেৰক বীৰেন কলিতা