নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ছবছৰীয়া প্রতীক্ষাৰ অৱসান : মানচেষ্টাৰ ইউনাইটেডৰ খিতাপ অর্জন

বিশেষ বাৰ্তা, ২৮ ফেব্রুৱাৰীঃ দীর্ঘ প্রতীক্ষাৰ অন্ত পেলাই ছয় বছৰৰ পিছত ইউৰোপৰ অন্যতম ঐতিহ্যশালী ক্লাব মানচেষ্টাৰ ইউনাইটেডে ট্রফীৰ সোৱাদ পালে৷ যোৱানিশা ইংলিছ ফুটবল লীগ কাপৰ ফাইনেলত ইউনাইটেডে ২–০ গ’লত নিউকাছল ইউনাইটেডক পৰাজিত কৰি চেম্পিয়ন হয়৷ ইয়াৰ পূর্বে মানচেষ্টাৰ ইউনাইটেডে অন্তিমবাৰ কোনো ট্রফী জয় কৰিছিল ২০১৬–২০১৭ চনত৷ সেইবাৰ দলটো চেম্পিয়ন হৈছিল ইউৰোপা লীগত৷ সেই সময়ত ক্লাবটোৰ প্রশিক্ষক আছিল জ’ছ ম’ৰিনহ’ক৷ কালি ফাইনেলৰ ৩৩ মিনিটত ব্রাজিলিয়ান তাৰকা কাছেমিৰোৰ গ’লেৰে অগ্রগতি লাভ কৰে মানচেষ্টাৰে৷ ইয়াৰ ৬ মিনিট পূর্বে আত্মঘাতী গ’ল হজম কৰিবলগীয়া হয় নিউকাছলে৷ পৰৱর্তী সময়ত দলটোৱে গ’ল পৰিশোধৰ বাবে অশেষ চেষ্টা চলালেও সফল হ’ব নোৱাৰিলে৷ সুদীর্ঘ ছয় বছৰৰ পিছত প্রশিক্ষক এৰিক টেন হেগৰ অধীনত ট্রফী জয় কৰিবলৈ সক্ষম হয় মানচেষ্টাৰ ইউনাইটেড৷ উল্লেখ্য যে বছৰৰ আৰম্ভণিতে প্রশিক্ষকগৰাকীক লৈ বিভিন্ন বিতর্কত জড়িত হৈ পৰিছিল ক্লাবটো৷ বিশেষকৈ তেওঁৰ বাবেই ক্লাব এৰিবলগীয়া হৈছিল ক্রিষ্টিয়ানো ৰ’নাল্ডোৱে৷ কিন্তু সকলো বিতর্ক নস্যাৎ কৰি প্রশিক্ষকগৰাকী শেষ হাঁহি মাৰিবলৈ সক্ষম হয়৷

You might also like