ফিফাৰ বর্ষশ্রেষ্ঠ ফুটবলাৰৰ সন্মান লিঅ’নেল মেছি
বিশেষ বাৰ্তা, ১ মাৰ্চঃ কিলিয়ান এমবাপে আৰু কৰিম বেঞ্জামাক পৰাজিত কৰি ফিফাৰ বিচাৰত এই বছৰৰ শ্রেষ্ঠ ফুটবলাৰৰ সন্মান অর্জন কৰিলে লিঅ’নেল মেছিয়ে৷ বিশ্বকাপ ফুটবলত এমবাপেৰ দল ফ্রান্সক হৰুৱাই খিতাপ অর্জন কৰা মেছিয়ে পুনৰবাৰ পৰাজিত কৰিলে ফৰাচী তাৰকাগৰাকীক৷ এই পুৰস্কাৰ লাভৰ বাবে মেছিয়ে ৫২ পইণ্ট লাভ কৰাৰ বিপৰীতে এমবাপেই ৪৪ আৰু তৃতীয় স্থানত থকা বেঞ্জামাই লাভ কৰে ৩৪ পইণ্ট৷ ইয়াকে লৈ মুঠ সাতবাৰ ফিফাৰ বর্ষশ্রেষ্ঠ পুৰস্কাৰ লাভ কৰিলে মেছিয়ে৷ ২০০৯, ২০১০, ২০১১, ২০১২, ২০১৫, ২০১৯ চনৰ পিছত পুনৰবাৰ ট্রফী জয় কৰিলে তেওঁ৷ ২০১৬ চনৰ পৰা ফিফাই এককভাৱে এই পুৰস্কাৰ প্রদান কৰি আহিছে৷ ইয়াৰ পূর্বে আন এটি সংস্থাৰ সৈতে যৌথভাৱে এই পুৰস্কাৰ দিছিল ফিফাই৷ কালি নিশা পেৰিছত অনুষ্ঠিত ফিফাৰ বঁটা প্রদান অনুষ্ঠানত মেছিৰ নাম ঘোষণা কৰা হয়৷ এই অনুষ্ঠানতে ফিফাই বর্ষশ্রেষ্ঠ একাদশৰ নামো ঘোষণা কৰে৷ প্রত্যাশা অনুসৰিয়ে শ্রেষ্ঠ গ’লৰক্ষকৰ সন্মান লাভ কৰে আর্জেণ্টিনাৰ এমিলিয়ানো মার্টিনেজে৷ শ্রেষ্ঠ প্রশিক্ষক নির্বাচিত হয় লিঅ’নেল স্কাল’নি৷