আগন্তুক বর্ষত ভয়াৱহ আর্থিক সংকটৰ কবলত পৰিব চীন
নিয়মীয়া বাৰ্তা, ৬ মাৰ্চ: পাকিস্তানৰ পাছত অর্থনৈতিক সংকটৰ কবলত পৰাৰ দিশে গতি কৰিছে বিশ্বৰ অন্যতম পৰাক্রমী ৰাষ্ট্র চীন৷ আগন্তুক বিত্তীয় বর্ষত চীনৰ আর্থিক বৃদ্ধি যথেষ্ট হ্রাস পাব৷ ইতিমধ্যে এই সন্দর্ভত পূর্বাভাস প্রকাশ পাইছে৷ আগন্তুক বিত্তীয় বর্ষত চীনৰ আর্থিক বৃদ্ধি হ’ব পাৰে মাত্র ৫ শতাংশ৷ বেইজিং প্রশাসনে সদৰী কৰা অনুসৰি, এয়া হ’ব বিগত কেইবাদশকৰ ভিতৰত আটাইতকৈ কম৷ কিন্তু দেশখনত সামৰিক শিতানত ব্যয় অভাৱনীয়ভাৱে বৃদ্ধি পাইছে৷ ইয়াৰ ফলত সমগ্র চীনত সৃষ্টি হ’ব পাৰে আর্থিক অস্থিৰতা৷ এই তথ্য প্রকাশ পোৱাৰ লগে লগে জিনপিং প্রশাসনে অর্থনৈতিক সুস্থিৰতা ৰক্ষা কৰিবলৈ তৎপৰতা আৰম্ভ কৰিছে৷