নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চাকৰি নিয়মীয়াকৰণৰ দাবী কাৰ্বি লাংপি জলবিদ্যুৎ প্ৰকল্পত ঠিকা ভিত্তিক কৰ্মচাৰীৰ ধৰ্ণা

 

নিয়মীয়া বাৰ্তা,৬ মাৰ্চ – পশ্চিম কাৰ্বি আংলং জিলাৰ লেঙেৰীস্থিত কাৰ্বি লাংপি জলবিদ্যুৎ প্ৰকল্পৰ কাৰ্যালয়ত চাকৰি নিয়মীয়াকৰণৰ দাবীত কৰ্মচাৰীসকলে আজি ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰে । বিগত ২০ বছৰ ধৰি মাষ্টাৰ ৰোল হিচাপে প্ৰকল্প স্থলীত কৰ্ম সম্পাদন কৰি থকা প্ৰায় ৪০ গৰাকী কৰ্মচাৰীয়ে নূন্যতম পাৰিতোষিক লৈয়ে পৰিয়াল পোহপাল দি আহিছে । কিন্তু শেহতীয়াকৈ চৰকাৰে এইসকল মাষ্টাৰ ৰোল কৰ্মচাৰীৰ চাকৰি নিয়মীয়াকৰণ কৰাৰ বিপৰীতে বিদ্যুৎ বিভাগে একাংশ পদত নতুনকৈ নিযুক্তি প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা বুলি এই প্ৰতিবেদকক জানিবলৈ দিয়ে। ফলত চৰকাৰৰ এই হথকাৰী সিদ্ধান্তত মূৰে কপালে হাত দিছে চাকৰি নিয়মীয়াকৰণৰ পৰা বঞ্চিত কৰ্মচাৰীসকলে । উল্লেখযোগ্য যে, দীৰ্ঘদিন ধৰি চাকৰি নিয়মীয়াকৰণৰ বাবে বিদ্যুৎ বিভাগীয় কৰ্তৃপক্ষক কৰ্মচাৰী সকলে আহ্বান জনাই অহাৰ পিছতো কোনো গুৰুত্ব প্ৰদান নকৰাৰ ফলত কৰ্মচাৰী সকলে আজিৰ এই ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰিবলৈ বাধ্য হয়। ইফালে বঞ্চিত কৰ্মচাৰীসকলে কৰি কেৱল শক্তি বিভাগৰ কাম সম্পাদন কৰি অধিকাংশ জীৱন অতিবাহিত কৰা কৰ্মচাৰীসকলৰ চাকৰি নিয়মীয়াকৰণ কৰি তেওঁ লোকৰ পৰিয়াল সুৰক্ষিত কৰিবলৈ মুখ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ লগতে শক্তি বিভাগক অনুৰোধ জনাইছে ।
প্ৰেৰক – হেমন্ত কুমাৰ নাথ

You might also like