নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মৰিয়নিত হোলী গীতৰ অডিঅ’ – ভিডিঅ’ মুকলি

নিয়মীয়া বাৰ্তাঃ ৮ মাৰ্চঃ নামনি অসমত প্ৰচুৰ প্ৰচলিত হোলী গীত উজনি অসমত কম প্ৰচলিত যদিও শেহতীয়াকৈ একাংশ শিল্পী এই হোলী গীতক চৰ্চা কৰিবলৈ আগবাঢ়ি আহিছে । তাৰ মাজৰে এগৰাকী শিল্পী মৰিয়নিৰ গোপাল কৃষ্ণ দাস । উজনিত প্ৰথমবাৰৰ বাবে হোলী গীত বাণীবদ্ধ কৰাৰ লগতে তাৰ ভিডিঅ’ প্ৰস্তুত কৰিছে । মৰিয়নিৰ কিংশুক ভৱনত কালি সন্ধিয়া এই হোলী গীতটি মুকলি কৰা হয় । ‘দোলনি লাগিছে’ শীৰ্ষক গীতটিৰ কথা আৰু সুৰ পুৰুষোত্তম দাসৰ । গীতটিৰ কণ্ঠ, সংগীত আৰু পৰিচালনা গোপাল কৃষ্ণ দাসৰ । সহযোগী কণ্ঠশিল্পী – সাগৰিকা ডেকা ( ৰিছা), কৃষানু কাশ্যপ মেধি আৰু গৌৰাংগ কাশ্যপ মেধিৰ । মনদ্বীপ মাজুলীৰ তত্বাৱধানত মৰিয়নিৰ ৰিডম ষ্টুডিঅ’ত গীতটি বাণীবদ্ধ আৰু মিক্সিং কৰা হৈছে । একেটা অনুষ্ঠানতে গীতটোৰ ভিডিঅ’ও মুকলি কৰা হয় । আস্থা গোহাঁইবৰুৱা আৰু অনামিকা কলিতাই মূল চৰিত্ৰত অভিনয় কৰা গীতটোৰ ভিডিঅ’ৰ চিত্ৰগ্ৰহণ, কৰিঅ’গ্ৰাফ, সম্পাদনাৰ লগতে সামগ্ৰিক পৰিচালনা কৃষানু কাশ্যপ মেধিৰ । কিংশুক ভৱনত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত বিশিষ্ট শিল্পী তৰুণ শইকীয়া আৰু নাট্যকাৰ, সাংস্কৃতিক কৰ্মী তথা শিক্ষাবিদ ৰঞ্জিত গোহাঁইবৰুৱাই গীতটো মুকলি কৰে । এই চমু উন্মোচনী অনুষ্ঠানত সমাজকৰ্মী অজিত শইকীয়া, অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক অৰূপ চেতিয়া, অধ্যাপক ক্ষীৰোদ ডেকা, জীৱন হাজৰিকা, হৰেন কলিতা, দীপা কলিতা, নিতু গোহাঁইবৰুৱা, অৰুনিমা শইকীয়া দাস, ৰুমা ডেকা আদি উপস্থিত থাকে । গীতটো উন্মোচন কৰি উন্মোচক তৰুণ শইকীয়াই গোপাল কৃষ্ণ দাসৰ প্ৰচেষ্টাৰ শলাগ লোৱাৰ লগতে হোলী গীতে উজনি অসমতো প্ৰসাৰতা লাভ কৰিব বুলি মন্তব্য কৰে । লগতে নতুনচাম শিল্পীকো এই পৰম্পৰা শুদ্ধ ৰূপত পৰিবেশন হোৱাত তেওঁ সহায় কৰিব বুলিও আশা প্ৰকাশ কৰে । আনহাতে, গীতটোত কণ্ঠদান কৰা শিল্পী গোপাল কৃষ্ণ দাসে বহুদিনৰে পৰাই হোলী গীতৰ চৰ্চা কৰি অহা বুলি উল্লেখ কৰি কয়- নামনি উজনি বুলি কোনো কথা নাই । সমগ্ৰ অসমৰ কলা কৃষ্টিক আমি সকলোৱে আদৰি ল’ব লাগিব । তেতিয়াহে সংস্কৃতিৰ আদৰ বাঢ়িব বুলিও তেওঁ লগতে কয় । সম্প্ৰতি ইউটিউবৰ গোপাল কৃষ্ণ দাস চেনেলত গীতটোৰ লগতে ভিডিঅ’ উপলব্ধ হৈ আছে ।

দিব্যজ্যোতি শইকীয়া

You might also like