সোণাপুৰ মহাবিদ্যালয়লৈ নাকৰ এ প্লাছ (A+)গ্ৰেড
নিয়মীয়া বাৰ্তা, ১০ মাৰ্চ: বৃহত্তৰ ডিমৰীয়াৰ এখন উচ্চ শিক্ষানুষ্ঠান তথা গুৱাহাটী মহানগৰ পাৰ্শ্ববৰ্তী সোণাপুৰ কলেজে নাকৰ অৰ্থাৎ ৰাষ্ট্ৰীয় মূল্যায়ন আৰু প্ৰত্যায়ন পৰিষদৰ এ প্লাছ(A+) গ্ৰেড লাভ কৰাত কলেজৰ শিক্ষক কৰ্মচাৰী, ছাত্ৰ ছাত্ৰীৰ লগতে সোণাপুৰ অঞ্চলত এক আনন্দৰ যোৱাৰ উঠে। ৰঙৰ বতৰ ফাকুৱাৰ লগতে কলেজ চৌহদত ফাকুৱা আৰু এক আৱতৰীয়া বিহু উদযাপন কৰা হয়। ছাত্ৰ ছাত্ৰী, শিক্ষক , কৰ্মচাৰী সকলে কলেজ চৌহদত ফটকা ফুটাই নৃত্য গীতৰে এক আনন্দ মুখৰ পৰিবেশ সৃষ্টি কৰে। উল্লেখযোগ্য যে সোণাপুৰ কলেজত যোৱা ২ আৰু ৩ মাৰ্চত নাকৰ পিয়েৰ টিমে দুদিনীয়া কার্যসূচীলৈ মহাবিদ্যালয় খন পৰিদৰ্শন কৰে। উক্ত পৰিদৰ্শন কালত বিহাৰৰ মগধ বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচার্য ড০ মহম্মদ ইছটিয়াহ, বাঙ্গালুৰৰ এলায়েঞ্চ বিশ্ববিদ্যালয়ৰ দীন এনি. মেৰী ফাৰনানন্দেজ আৰু মহাৰাষ্ট্ৰৰ ন. বি. মেহতা বিজ্ঞান কলেজৰ অধ্যক্ষ ড০ অঞ্জলী কুলকাৰনী উপস্থিত থাকি কলেজ খন পৰিদৰ্শন কৰে। উল্লেখযোগ্য যে কলেজে নাকৰ ৩.৩১চি.জি.পি.এ. লাভ কৰে। কলেজ খনৰ অধ্যক্ষ ড০ দেৱব্ৰত খনিকৰে কলেজ খনৰ সমূহ অংশীদাৰ, প্ৰতিস্থাপক, শিক্ষক – শিক্ষয়িএী, কৰ্মচাৰী, বৰ্তমানৰ ছাত্র- ছাত্ৰী, প্ৰাক্তন ছাত্ৰ ছাত্ৰী, মহাবিদ্যালয় পৰিচালনা সমিতি আৰু ৰাইজলৈ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে।
প্ৰেৰক ৰমেশ দাস সোণাপুৰ