নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বকোত হস্ততাত আৰু বস্ত্ৰশিল্প বিভাগৰ অভিযানত জব্দ বহু কেইখন আৰণায়-মেখেলা চাদৰ

নিয়মীয়া বাৰ্তা;১০ মাৰ্চ: সমগ্ৰ ৰাজ্যৰ লগতে কামৰূপ জিলাৰ বকোত শুক্ৰবাৰে কামৰূপ জিলাৰ হস্ততাত আৰু বস্ত্ৰশিল্প বিভাগ আৰু কামৰূপ জিলা প্ৰশাসনৰ সহযোগত বকো চহৰৰ ১০-১২ খন কাপোৰৰ বিপনীত পাৱাৰলুমৰ গামোছা,আৰনায় আৰু মেছিনত তৈয়াৰী মেখেলা চাদৰ বিছাৰি অভিযান চলোৱা হয়।কামৰূপ জিলাৰ হস্ততাত আৰু বস্ত্ৰশিল্প বিভাগৰ সহকাৰী পৰিচালক নিচিকান্ত শৰ্মাৰ নিৰ্দেশত পৰিদৰ্শক তপন চৌধুৰী আৰু কামৰূপ জিলা প্ৰশাসনৰ হৈ বকো ৰাজহ চক্ৰৰ ভাৰপ্ৰাপ্ত চক্ৰ বিষয়া দীপা তালুকদাৰৰ নেতৃত্বত চলোৱা হয় এই অভিযান।এই অভিযানত ক্ষেত্ৰ বিষয়া জোস্না কলিতা আৰু ৰত্নালী কোৱঁৰৰ লগতে বকো আৰক্ষীৰ এটি আৰক্ষীৰ দল উপস্থিত থাকে।এই অভিযানত আৰণায় ৪৫ খন আৰু মেছিনত তৈয়াৰীৰ সন্দেহত ৫৯ যোৰ মেখেলা চাদৰ জব্দ কৰে।আজি আমি বিপনীসমূহক আগলৈ আৰু যাতে এনেধৰনৰ গামোচা বজাৰত বিক্ৰী নকৰে তাৰ বাবে আহ্বান জনাইছো।অন্যথা আগলৈ আইনী ব্যৱস্থা গ্ৰহণ কৰা হব বুলি সংশ্লিষ্ট ব্যৱসায়ীসকলক সকিয়নী প্ৰদান কৰিছো।উল্লেখ্য যে,অসমীয়া গামোছাই জিআই টেগ লাভৰ পিচতে অসমৰ বজাৰত পাৱাৰলুম তথা বহিঃৰাজ্যৰ উৎপাদিত গামোচাৰ বিক্ৰীৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰা হৈছিল।মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশৰ পিচতেই বহিঃৰাজ্যত পাৱাৰলুমৰ মেচিনত উৎপাদিত গামোচাৰ বিৰুদ্ধে জিলাই জিলাই প্ৰশাসনে অভিযান অব্যাহত ৰাখিছে।ৰঙালী বিহু সমাগত আৰু এই ৰঙালী বিহুত সকলোৱে যাতে থলুৱা শিপিনীয়ে বোৱা গামোচা সমূহকেই বিহুৱান হিচাপে ব্যৱহাৰ কৰে তাৰবাবেই এই বিশেষ পদক্ষেপ গ্ৰহণ কৰা হৈছে।এই পদক্ষেপৰ ফলত অসমৰ থলুৱা শিপিনিসকল উপকৃত হ’ব বুলি কামৰূপ জিলা হস্ততাত আৰু বস্ত্ৰশিল্প বিভাগৰ পৰিদৰ্শক তপন চৌধুৰীয়ে সংবাদ মাধ্যমক জানিবলৈ দিয়ে।

প্ৰেৰক- ছমৰীয়া সত্ৰৰ পৰা প্ৰীতম বায়নৰ প্ৰতিবেদন

You might also like