তিনিচুকীয়া পৌৰসভাত ব্যাপক দুৰ্নীতি: উদ্বোধনৰ কিছুদিনৰ পাছতে ভাঙি পৰে কালভাৰ্টৰ
নিয়মীয়া বাৰ্তা, ১৬ মার্চ: বাণিজ্যিক চহৰ তিনিচুকীয়াত যেন কোনোদিনেই সমস্যাৰ অন্ত নাই ৷ যানযঁটৰ সমস্যা, অবৈধ দখলৰ সমস্যাৰ লগতে আৱৰি ধৰিছে ব্যাপক দুৰ্নীতিয়ে ৷ তিনিচুকীয়া পৌৰসভাও দুৰ্নীতি আৰু বিতৰ্কৰ অন্য এক নাম ৷ শেহতীয়াকৈ তিনিচুকীয়া পৌৰসভাৰ অন্তৰ্গত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ চাইদিং বজাৰৰ এটা নৱনিৰ্মীত আৰ চি চি কালভাৰ্টত সংঘটিত হৈছে ব্যাপক দুৰ্নীতি ৷ মেচাৰ্চ মেঘা এন্টাৰপ্ৰাইজ নামৰ ঠিকাদাৰ প্ৰতিষ্ঠানে ৪ লাখ ৩২ হাজাৰ ২৯২ টকা পুঁজিৰে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ চাইদিং বজাৰত এটা কালভাৰ্ট নিৰ্মাণ সম্পূৰ্ণ কৰি ৬ ফেব্ৰুৱাৰীত তিনিচুকীয়া সমষ্টিৰ বিধায়ক তথা শ্ৰম মন্ত্ৰী সঞ্জয় কিষানে তিনিচুকীয়া পৌৰসভাৰ কায্যবাহী বিষয়া মঞ্জিত ড’লে আৰু ৱাৰ্ড সদস্য ধীৰাজ সিঙৰ উপস্থিতিত শুভ উদ্বোধন কৰিছিল ৷ কিন্তু ৬ ফেব্ৰুৱাৰীত শ্ৰম মন্ত্ৰী সঞ্জয় কিষানে শুভ উদ্বোধন কৰা উক্ত কালভাৰ্টটো নিম্ন মানদণ্ডৰে নিৰ্মাণ কৰা হেতুকে বুধবাৰে হঠাৎ ভাঙি সোমাই পৰে এখন ট্ৰাকৰ চকা ৷ ৰাইজে উক্ত কালভাৰ্টটো অতি নিম্ন মানদণ্ডৰে নিৰ্মাণ কৰাৰ অভিযোগ উত্থাপন কৰিছে যিটো কাৰণে উদ্বোধন কৰাৰ কিছুদিনৰ পাছতে ভাঙি পৰে ৷ তাৰ পাছতে আজি উক্ত স্থানত তিনিচুকীয়া জিলা প্ৰশাসনৰ অতিৰিক্ত উপায়ুক্ত চৰফৰাছ্ হক্, তিনিচুকীয়া পৌৰসভাৰ কায্যবাহী বিষয়া মঞ্জিত ড’লে, পৌৰসভাৰ অভিযন্তা জ্যোতি প্ৰসাদ দাসৰ লগতে এটা পৌৰসভাৰ বিষয়া কৰ্মচাৰীৰ দল উপস্থিত হৈ কালভাৰ্টটো পয্যবেক্ষণ কৰে আৰু পয্যবেক্ষণ কৰাৰ সময়তে অতিৰিক্ত উপায়ুক্তগৰাকীয়ে সৰৱ হৈ পৌৰসভাৰ অভিযন্তাগৰাকীক সকীয়নি প্ৰদান কৰে ৷ লগতে কি কাৰণে ইমান সোনকালে কালভাৰ্টটো ভাঙিলে তাৰ এটা প্ৰতিবেদন প্ৰস্তুত কৰি জিলা উপায়ুক্তগৰাকীক প্ৰদান কৰা হ’ব ৷ যদি নিৰ্মাণত গাফিলতি আছে তেন্তে ঠিকাদাৰৰ বিৰুদ্ধে বিহিত ব্যৱস্থা লোৱা হ’ব বুলি জানিব দিয়ে অতিৰিক্ত উপায়ুক্তৰ লগতে পৌৰসভাৰ কায্যবাহী বিষয়াগৰাকীয়ে ৷
উল্লেখযোগ্য যে, ইয়াৰ পূৰ্বেও তিনিচুকীয়া পৌৰসভাৰ কায্যালয়ৰ সমীপতে এটা নলা নিৰ্মাণৰ সময়ত বাহৰ চাঙিৰে তাপলি মাৰি নলা নিৰ্মাণ কৰাক লৈ অতিৰিক্ত উপায়ুক্ত চৰফৰাছ্ হকে সৰৱ হৈ পৌৰসভাৰ অভিযন্তাৰ লগতে ঠিকাদাৰক সকীয়নি প্ৰদান কৰিছিল ৷ তাৰ পাছতো তিনিচুকীয়া পৌৰসভাত অভিযন্তা থকাৰ পাছতে বাহৰ চাঙিৰে তাপলি মাৰি এতিয়াও নিৰ্মাণ কৰি আছে নলা, কালভাৰ্টৰ ৷ গতিকে পৰৱৰ্তী সময়ত তিনিচুকীয়া পৌৰসভা কিম্বা জিলা প্ৰশাসনে উক্ত ঠিকাদাৰ প্ৰতিষ্ঠান মেচাৰ্চ মেঘা এন্টাৰপ্ৰাইজৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰিব সেয়া লক্ষ্যণীয় হ’ব ৷
প্ৰেৰক:- বিবেক বড়া