নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গহপুৰ নগৰত মহকুমা প্ৰশাসন আৰু হস্ত-তাঁত বস্ত্ৰ শিল্পৰ যৌথ অভিযান: পাৱাৰল’মৰ গামোচা-কাপোৰ জব্দ     

নিয়মীয়া বাৰ্তা, ১৬ মাৰ্চঃ থলুৱা শিপিনী সকলে যাতে এখন বজাৰ লাভ কৰে লগতে স্বাৱলম্বিতা আৰু উপাৰ্জনৰ প্ৰতি লক্ষ্য ৰাখি গহপুৰত নগৰত আজি পুৱা ভাগত  পাৱাৰল’মৰ গামোচাৰ লগতে বৰ্হিৰাজ্যৰ পৰা অহা চাদৰ মেখেলাৰ বিক্ৰী নিষিদ্ধ কৰিছে। সেই উদেশ্যে গহপুৰ নগৰৰ প্ৰতিখন কাপোৰৰ  বিপনীত গহপুৰ মহকুমা প্ৰশাসনৰ হৈ গহপুৰ পৌৰ সভাৰ কাৰ্যবাহী বিষয়া নমিত বৰা আৰু  হস্ত-তাঁত বস্ত্ৰ শিল্প বিভাগে যৌথ অভিযান চলাই পাৱাৰল’ম গামোচা আৰু বৰ্হিৰাজ্যৰ পৰা অহা চাদৰ-মেখেলাৰ বিৰুদ্ধে।অভিযান কালত বহু পাৱাৰল’মৰ কাপোৰ জব্দ কৰিবলৈ সক্ষম হৈছে। পৰৱৰ্তী সময়তো যাতে এই সকল ব্যৱসায়ীয়ে পাৱাৰল’মৰ সামগ্ৰী বিক্ৰী কৰিব নোৱাৰে তাৰ ওপৰত চোকা নজৰ ৰাখিব গহপুৰ মহকুমা প্ৰশাসনৰ লগতে হস্ত-তাঁত বস্ত্ৰ শিল্প বিভাগে।
বিপুল কুমাৰ দিহিঙীয়া
You might also like