কাৰ আতংকত গুজৰাটৰ আহমেদাবাদ বিমান বন্দৰত নিয়োগ কৰা হৈছে ভালুক
নিয়মীয়া বাৰ্তা ৭ ফেব্ৰুৱাৰীঃ গুজৰাটৰ আহমেদাবাদ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত এতিয়া বান্দৰৰ আতংক। দৰাচলতে আহমেদাবাদ বিমান বন্দৰৰ চাৰিওফালে ডাঙৰ ডাঙৰ গছ থকাৰ বাবে বান্দৰ দেখাটো এতিয়া সাধাৰণ দৃশ্য হৈ পৰিছে। বান্দৰৰ বাবে আহমেদাবাদ বিমান বন্দৰ কৰ্তৃপক্ষ বহু সমস্যাৰ সন্মুখীন হৈছে। বহু দিন ধৰি বান্দৰ সমূহ খেদিবলৈ প্ৰশাসনে চেষ্টা কৰিছে যদিও বিফল হৈছে। যোৱাটো বৰ্ষত বান্দৰৰ এটা জাক বিমান বন্দৰৰ পৰিসৰৰ ভিতৰলৈ আহিছিল আৰু যাৰ বাবে ১০ খন বিমানৰ উড়ণত প্ৰভাৱিত হৈছিল।
এতিয়া বিমান বন্দৰৰ কৰ্তৃপক্ষই বান্দৰ খেদিবলৈ অভিনৱ পন্থা অৱলম্বন কৰিছে। বান্দৰে যিহেতু ভালুকক ভয় কৰে সেইবাবে এতিয়া বিমান বন্দৰ কৰ্তৃপক্ষই ভালুকক নিয়োগ কৰিছে। এইটো ভালুক কোনো হাবিৰ ভালুক নহয় বৰং বিমান বন্দৰৰ কৰ্মচাৰী এজনে ভালুকৰ পোছাক পিন্ধি বান্দৰ খেদিছে। বান্দৰে ভালুকৰ ভয়ত পলাই পত্ৰং দিয়া দেখা গৈছে। অৱশেষত এই প্ৰক্ৰিয়া টো সফল হৈছে। ইয়াৰ আগতেও বিমান বন্দৰ কৰ্তৃপক্ষই বিভিন্ন পন্থা অৱলম্বন কৰিছিল যদিও সফল হোৱা নাছিল।
#WATCH Gujarat: An airport official at Sardar Vallabhai Patel International Airport in Ahmedabad dressed in ‘bear’ costume to scare away langoors on the premises. (Source-Airport Authority of India) pic.twitter.com/Qa6iIPFoLq
— ANI (@ANI) February 7, 2020