নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসম-মেঘালয় সীমান্তৱৰ্তী গিজাং অঞ্চলৰ অন্তৰ্গত মালচাপাৰা গাঁৱত পুনৰ ভাতৃঘাতী সংঘৰ্ষ

নিয়মীয়া বাৰ্তা, ১৭ মার্চ:  অসম-মেঘালয় সীমান্তৱৰ্তী গাৰো বসতি প্ৰধান অঞ্চল বকোৰ মালচাপাৰাৰ ১০৮ টা পৰিয়ালৰ একাংশই অসমক আন একাংশই মেঘালয়ক সমৰ্থন কৰি আহিছে। সময়ে সময়ে মেঘালয়ক সমৰ্থনকাৰী অৰ্থাৎ অসম বিদ্বেষকাৰী সকলে অসমৰ সমৰ্থনত থকা অসমীয়া সকলক শাৰিৰীক মানসিক নিৰ্যাতন চলাই পৰিবেশ উত্তাল কৰি আহিছে অসম বিদ্বেষকাৰী সকলে। ১৪ মাৰ্চত মালচাপাৰাত একাংশ অসমীয়া সমৰ্থনকাৰীয়ে নিৰ্মাণৰত ক্লাৱ ঘৰ এটাৰ কাম পৰ্যবেক্ষণ কৰি আছিল। সেই সময়ত এদল অসম বিদ্বেষকাৰীয়ে অসমীয়া সমৰ্থনকাৰীসকলক কাম বন্ধ কৰাৰ বাবে হুংকাৰ দিয়ে। মালচাপাৰা মেঘালয়ৰ বুলি উল্লেখ কৰি অসমীয়া সমৰ্থনকাৰী সকলক আঁতৰি যাবলৈ চিঞৰ বাখৰ কৰিবলৈ ধৰে। অসমীয়া সমৰ্থনকাৰী সকলে অসম বিদ্বেষকাৰীসকলৰ হুলস্থুল নকৰি সেই স্থান ত্যাগ কৰিবলৈ বাৰংবাৰ আহ্বান জনাই যদিও আঁতৰি নগৈ চিঞৰ বাখৰ লগায়। ইতিমধ্যে অসম বিদ্বেষকাৰীৰ ২৭/৩০ জনীয়া দলে হাতে হাতে জাঠি, জোং, ডেগাৰ লৈ আক্ৰমণ কৰে উপস্থিত অসমীয়া সকলৰ ওপৰত। এই আক্ৰমণত অসম বিদ্বেষকাৰীৰ হাতত আহত হয় তিনি অসমীয়া ক্ৰমে Shabin G. Sangma (65), Hakier Sangma(35), Chanchan marak(20)। ইতিমধ্যে বকো আৰক্ষী থানাত ২৭জন অসম বিদ্বেষকাৰীৰ বিৰুদ্ধে বকো আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে আহত Shabin G. Sangmaই। এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে ২৭জনৰ ভিতৰত দুই অসম বিদ্বেষকাৰী Sixster Marak আৰু Chawan Sangmaক গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰিছে। মনকৰিবলগীয়া যে, বকোৰ মালচাপাৰাত অধিক সংখ্যক জোৱায়েক মেঘালয়ৰ বাসিন্দা। বিশেষভাবে মেঘালয়ৰ বাসিন্দা জোৱায়েক সকলৰ উচটনিত অসমত বসবাস কৰাৰ পাছতো মেঘালয়ক সমৰ্থন কৰি আহিছে মালচাপাৰাৰ একাংশ গঞাই। চলিত বৰ্ষৰ পহিলা ফেব্ৰুৱাৰীত মালচাপাৰাৰ অসমৰ গাঁওবুঢ়া Eperson Sangma(৫৫)ক ৰাজহুৱা সভা এখনত গলত টিপি প্ৰাণে মাৰিবলৈ চেষ্টা চলাইছিল অসম বিদ্বেষকাৰীয়ে। একেদৰে বিগত বৰ্ষত Esterson Marak(৮৩)ক শাৰিৰীক ভাবে প্ৰহাৰ কৰিছিল অসম বিদ্বেষকাৰীয়ে। আনকি অসমক সমৰ্থন কৰা বাবে এইগৰাকী অসমীয়াই অসমতে অসম বিদ্বেষকাৰীৰ হাতত পাঁচশ টকাত জৰিমনা ভৰিবলগীয়া হৈছিল।
অসম মেঘালয় সীমান্তৱৰ্তী বাৰটা কৈ বিবাদমান অঞ্চলৰ ভিতৰত প্ৰথম পৰ্যায়ত ছয়টা বিবাদ মান অঞ্চলৰ সীমা সমস্যা সমাধান কৰা হৈছে। ছয়টা বিবাদ মান অঞ্চলৰ ভিতৰত ৪৮নং বকো বিধানসভা সমষ্টিৰ তিনিটা বিবাদমান অঞ্চল অন্তৰ্ভুক্ত। বকোৰ হাহিম, গীজাং, তাৰাবাৰী এই তিনিটা বিবাদ মান অঞ্চলৰ সীমা সমস্যা সমাধানৰ ক্ষেত্ৰত দিল্লীত গৃহমন্ত্ৰী ৰ সৈতে ত্ৰিপাক্ষিক বৈঠকত আলোচনাৰ মাধ্যমেৰে সমস্যা সমাধান কৰা হৈছে। গীজাং অঞ্চলৰ অন্তৰ্গত মালচাপাৰাখন। ত্ৰিপাক্ষিক বৈঠকত মালচাপাৰাখন অসমৰ ভিতৰত পৰে। ইয়াৰ পাছতো কিন্তু চুবুৰীয়া ৰাজ্য মেঘালয়ৰ কুটনৈতিক ৰাজনীতিৰ কু-প্ৰভাৱ বিদ্যমান মালচাপাৰাত। সময়ে সময়ে ভাতৃঘাটী সংঘৰ্ষত বীজ ছটিয়াই আহিছে মেঘালয়ে। এইক্ষেত্ৰত অসম মেঘালয় সীমান্তৱৰ্তী বকোৰ সীমান্ত অঞ্চল মালচাপাৰাৰ সন্দৰ্ভত ৰাজ্য চৰকাৰে কি পদক্ষেপ গ্ৰহণ কৰিব সেয়া লক্ষণীয় হৈ পৰিছে। আনহাতে, অসম সমৰ্থকে ভয়ে ভয়ে জীৱন যাপন কৰাৰ লগতে গাৱঁখন মৰিশালি সদৃশ হৈ পৰিছে। গাৱঁখনৰ অসম বাসিন্দাই অসম চৰকাৰক শীঘ্ৰে স্থায়ী সমাধান আৰু শান্তিৰ পৰিবেশ সৃষ্টি কৰাৰ বাবে কাকূতি মিনতি কৰে সংবাদকৰ্মীৰ আগত।
অসম মেঘালয় সীমান্তৱৰ্তী মালচাপাৰাৰ পৰা প্ৰীতম বায়ন
You might also like