লখিমপুৰত সৰ্বভাৰতীয় পক্ষী বিজ্ঞান গবেষণা আঁচনিৰ সৌজন্যত বিশ্ব ঘৰচিৰিকা দিৱস উদযাপন
নিয়মীয়া বাৰ্তা, ২০মাৰ্চ: অসম কৃষি বিশ্ববিদ্যালয়ৰ অন্তৰ্গত মাণ্ডলিক গবেষণা কেন্দ্র, উত্তৰ লখিমপুৰ ৰ চৌহদত আজি সৰ্বভাৰতীয় পক্ষী বিজ্ঞান গবেষণা আচনিৰ সৌজন্যত আৰু গবেষণা কেন্দ্র তথা কৃষি বিজ্ঞান কেন্দ্র, লখিমপুৰ ৰ যৌথ উদ্যোগত বিশ্ব ঘৰচিৰিকা দিৱস উদযাপন কৰা হয়। এই দিৱসৰ কাৰ্য্য সূচী ত কৃষি বিজ্ঞান কেন্দ্র লখিমপুৰ ৰ তত্বাবধানত ৰূপায়িত হৈ থকা “গ্ৰাম্য কৃষি কৰ্ম অভিজ্ঞতা আচনি-২০২৩” ৰ ৩১ গৰাকী ছাত্র ছাত্রী, উত্তৰ লখিমপুৰ মহাবিদ্যালয়ৰ প্ৰাণী বিজ্ঞান বিভাগৰ ছাত্রী, তেলাহী উন্নয়ন খণ্ড ৰ ২৬ গৰাকী জনজাতীয় কৃষক, ধল ঘাগৰ কৃষক উৎপাদক সংস্থা ৰ বিষয় ববীয়া সকল, দুয়োটা কেন্দ্র ৰ সমুহ বিজ্ঞানীৰ লগতে কৰ্মচাৰী সকলৰ লগতে ভালেখিনি নিমন্ত্রীত অতিথি য়ে অংশগ্রহণ কৰে। উল্লেখ্য এই বাৰৰ বিশ্ব ঘৰচিৰিকা দিৱস ৰ মূল বাণী আছিল”মই ঘৰচিৰিকা ভাল পাও”। ছাত্র ছাত্রী সকলৰ এটি সমবেত সংগীতেৰে আৰম্ভ হোৱা এই কাৰ্য্য সূচী ত কেন্দ্র ৰ মূখ্য বিজ্ঞানী ড০ প্ৰবাল শইকীয়া ই সকলোকে সম্ভাষণ জনাই ঘৰচিৰিকা দিৱস ৰ তাৎপর্য ব্যাখ্যা কৰে। ভাষণৰ পাছতে তেও চৰাই বিষয়ক এক মনোগ্রাহী কুইজ অনুষ্ঠানৰ আত ধৰে আৰু অনুষ্ঠানটোৰ অন্তত বিজয়ী সকলক পুৰস্কাৰ প্ৰদান কৰে। অনুষ্ঠানটোত তেও ঘৰচিৰিকা আৰু বনচিৰিকাৰ চিনাক্তকৰণ, প্ৰজাতি, বংশবৃদ্ধি, প্ৰত্যাহ্বান, সজাগতা, সংৰক্ষণ আৰু আমাৰ কৰণীয় সম্পর্কে দৃশ্য শ্ৰাব্য মাধ্যমে ৰে সাবলীল ভাবে ব্যাখ্যা কৰে। অনুষ্ঠানটোত ছাত্র ছাত্রী সকলে প্ৰকৃতি বিষয়ক গীত, নৃত্য আৰু নাটিকা পৰিবেশন কৰে। কবি দিগন্ত ডেকাই পক্ষী বিষয়ক দুটি স্বৰচিত কবিতা পাঠ কৰে। এনে দিৱস তথা কাৰ্য্য সূচী য়ে ঘৰচিৰিকা সংৰক্ষণ ত সজাগতা আনিব বুলি বিজ্ঞানী ড০ প্ৰবাল শইকীয়া ই আশা প্ৰকাশ কৰে।