নাম বিকৃত নহয়, সংঘৰ প্ৰতি কৰা মন্তব্যৰ বাবেহে কৰিশ্মা নাথক অসহযোগৰ সিদ্ধান্ত নাগাৰানাম সংঘৰ
- হঠাতে স্হিতি সলনি কৰিলে নাগাৰানাম সংঘই
- বহিস্কাৰ নহয়, কৰিশ্মাৰ লগত অসহযোগৰহে সিদ্ধান্ত সংঘৰ
- নাম বিকৃত নহয় সংঘৰ প্ৰতি কৰা মন্তব্যৰ বাবেহে সিদ্ধান্ত
নিয়মীয়া বাৰ্তা, ২০মাৰ্চ: “পে পে পে —“শীৰ্ষক নামেৰে চৰ্চিত হৈ পৰা নাগাৰা নামৰ জনপ্ৰিয় শিল্পী কৰিশ্মা নাথ সন্দৰ্ভত নিজৰেই স্হিতি সলনি কৰিবলৈ বাধ্য হ’ল সদৌ অসম নাগাৰা সংঘ।নাগাৰা নাম বিকৃত কৰা বুলি কৰিশ্মা নাথৰ বিৰুদ্ধে অভিযোগ তুলি শিল্পী গৰখকীক বহিস্কাৰ পৰ্যন্ত কৰাৰ হুংকাৰ দিয়া সংঘই এইবাৰ সলনি কৰিলে ভাষ্য। শিল্পী গৰাকীক বহিষ্কাৰ নহয়, নাগাৰা নাম সংঘহে আতৰি থাকিব শিল্পী গৰাকীৰ পৰা । অৰ্থাৎ কৰিশ্মাৰ লগত কোনো শিল্পীয়ে পৰিবেশন নকৰে নাম।
আনকি সংঘৰ উদ্ভত দাবী “পেপেপে –” শীৰ্ষক গীত-নৃত্যৰ বাবে নহয় , নাগাৰা নাম সংঘক ভোজখোৱা সংঘ আৰু ছেলফি উঠা সংগঠন বুলি কোৱাৰ বাবেহে হেনো শিল্পী গৰাকীক কৰা হল এঘৰীয়া।আনহাতে এই ক্ষেত্ৰত কৰিশ্মা নাথক এসপ্তাহ-দহদিন পৰ্যন্ত সময় বান্ধি দি নিৰ্ধাৰিত সময়ৰ ভিতৰত ক্ষমা খুজিলে নাগাৰা নাম সংঘই এই অসহোগিতা উঠাই লব বুলিও প্ৰকাশ কৰে।ইফালে নাগাৰা নাম সংঘৰ এনে সিদ্ধান্ত সম্পৰ্কে পোনপটীয়াকৈ অৱগত নহয় বুলি প্ৰকাশ কৰি সংঘৰ এনে স্হিতিৰ বিপৰীতে কৰিশ্মা নাথৰ ষ্পষ্ট কথা নাগাৰা নাম সংঘৰ ওচৰত কোনো কাৰণতে ক্ষমা নোখোজে।কাৰণ শিল্পী গৰাকীৰ মতে ক্ষমা খুজিব লগীয়া কোনো ভুল কামেই কৰা নাই ।অৱশ্যে আৰম্ভণিতে তেওক লৈ সমালোচনা আৰু বিতৰ্ক নকৰি যদি নাগাৰা নাম সংঘই আলোচনাৰ বাবে আহ্বান জনালে হেতেন তেতিয়া হয়তু ক্ষমা খুজিলেহেতেন বুলিও প্ৰকাশ কৰে।তেতিয়া এনে ধৰণৰ বিতৰ্কৰ পৰিবেশো হয়তু সৃষ্টি নহলহেতেন বুলিও কলে কৰিশ্মা নাথে।পূৰ্বৰ স্হিতিতে অটল থাকি শিল্পী গৰাকীয়ে পুনৰ উল্লেখ কৰিলে পূৰ্বেও বহু শিল্পীয়ে নাগাৰা নামত বেণ্ড পাৰ্টিৰ সুৰ সংযোজন কৰিছিল।যদিহে সকলোৱে ক্ষমা খোজে তেতিয়া তেৱো ক্ষমা খুজিবলৈ সাজু বুলিও প্ৰকাশ কৰে।অৱশ্যে নাগাৰা নাম সংঘংই আলোচনাৰ বাবে আমন্ত্ৰণ জনালো বিষয়টো সন্দৰ্ভত আলোচনা কৰাত আপত্তি নাই বুলিও দোহাৰে শিল্পী গৰাকীয়ে।”অইন শিল্পীয়ে তেওৰ লগত নাম পৰিবেশন কৰা বা নকৰাটো তেওলোকৰ নিজা কথা কিন্তু অসমৰ ৰাইজে বিচৰালৈ মই নাম পৰিবেশন কৰি যাম”-ষ্পষ্ট কথা কৰিশ্মা নাথৰ।
প্ৰণিধাণযোগ্য যে কৰিশ্মাই বেণ্ড পাৰ্টিৰ সুৰ সংযোজনেৰে নাগাৰা নামক বিকৃত কৰা বুলি নাগাৰা নাম সঘই অভিযোগ কৰি প্ৰথম অৱস্থাত কঠোৰ হৈছিল যদিও এতিয়া নাম বিকৃত কৰাৰ বিষয়টো এৰি নাগাৰা নাম সংঘ সন্দৰ্ভত কৰা মন্তব্যকহে আলম কৰি উদীয়মান এগৰাকীৰ শিল্পীৰ ক্ষেত্ৰত কঠোৰ হোৱাক লৈ সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ।মূলত কৰিশ্মা নাথে নিজৰ স্হিতিত অটল থাকি অইন অগ্ৰজ শিল্পীয়ে এনে ধৰণৰ সুৰ সংযোজন কৰা বুলি ওভতি ধৰাৰ বাবেই সংঘই নিজৰ স্হিতি সলনি কৰিবলৈ বাধ্য হোৱা বুলিও চৰ্চিত হৈছে। আক্ৰোশমূলকভাবে এটাৰ পিছত এটা অজূহাত উলিয়াই
শিল্পী গৰাকীক টাৰ্গেট কৰি লোৱাটোৱেই যে নাগাৰা নাম সংঘৰ মূল লক্ষ্য সেয়াও যেন ষ্পষ্ট হৈ উঠিছে।কাৰণ কৰিশ্মা নাথে নাগাৰা নামৰ সুৰ বিকৃত কৰা বুলি নাগাৰা নাম সংঘৰ বিষয়ববীয়াই সমালোচনা কৰি নাগাৰা নাম সংঘৰ প্ৰসংগ উণ্থাপন কৰাৰ পিছতহে কৰিশ্মাই ব্যক্তিগত ভাবে নাগাৰা নাম সংঘৰ সভাত ভোজ খোৱা আৰু ফটো উঠাৰ বাহিৰে অইন কোনো আলোচনা হোৱা দেখা নাই বুলি ব্যক্তিগত ভাবে মন্তব্য কৰিছিল।সেয়া নাগাৰা নাম সংঘক উদ্দেশ্য কৰি প্ৰত্যক্ষ ভাবে বা ৰাজহুৱা ভাবে কৰা মন্তব্য নাছিল।তেনে ক্ষেত্ৰত বেলেগ উপায়েৰে নোৱাৰি সংঘই এতিয়া এই বিষয়টো লৈয়েই এগৰাকী উঠি অহা শিল্পীক ধবংসৰ ষড়যন্ত্ৰতো লিপ্ত হোৱা বূলি চৰ্চিত হৈছে।বিশেষকৈ নাগাৰা নাম সংঘৰ এগৰাকী বিষয়ববীয়াই স্বীকাৰ কৰিবলৈ বাধ্য হৈছে যে কৰিশ্মাই যি সুৰ সংযোজন কৰিছে সেয়া অইন বহু পাঠকেই কৰিছে।যদি কৰিশ্মাই বিকৃত কৰাই নাছিল তেন্তে নাগাৰা নাম সংঘই হৰি নামত বেণ্ড পাৰ্টিৰ সুৰ সংযোজনেৰে বিকৃত কৰা বুলি কিয় কৰিশ্মা নাথক সমালোচনা কৰিছিল! মুঠৰ ওপৰত এগৰাকী শিল্পী হঠাতে জনপ্ৰিয় হৈ উঠাৰ বাবেই নাগাৰা নাম সংঘই এনেদৰে এটাৰ পিছত এটা অজুহাত উলিয়াই আক্ৰোশ পুৰণহে কৰা বুলি চৰ্চিত হৈছে সংঘৰ স্হাতিৰ পৰাই।সেয়েহে অধিক বিতৰ্ক নকৰি নাগাৰা নাম সংঘ আৰু কৰিশ্মা নাথ দূয়োপক্ষইয়ে এৰা ধৰাৰ মাজেদি বিষয়টো নিষ্পত্তি কৰাৰ আহ্বান জনাইছে নাগাৰা নামৰ উৎপত্তি স্হল দৰঙৰ কেইবাগৰাকীও প্ৰবীণ শিল্পীয়ে।