মৰিয়নিৰ নিবেদিতা মেডিকেলৰ উদ্যোগত বিনামূলীয়া স্বাস্থ্য পৰীক্ষা, বিনামূলীয়াকৈ ঔষধ বিতৰণ
- মৰিয়নিৰ নিবেদিতা মেডিকেলৰ প্ৰসংশনীয় পদক্ষেপ
- চাৰি শতাধিক ৰোগীৰ বিনামূলীয়া স্বাস্থ্য পৰীক্ষা, বিনামূলীয়াকৈ ঔষধ বিতৰণ
নিয়মীয়া বাৰ্তা, ২০মাৰ্চ: মৰিয়নিৰ প্ৰতিষ্ঠিত ঔষধ বিক্ৰেতা প্ৰতিষ্ঠান নিবেদিতা মেডিকেলৰ উদ্যোগত আজি এক বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰৰ আয়োজন কৰা হয় । নিবেদিতা মেডিকেলৰ প্ৰতিষ্ঠাৰ ২৫ বছৰ উপলক্ষ্যে অৰ্থাৎ ৰূপালী জয়ন্তী বৰ্ষ উপলক্ষ্যে মৰিয়নিৰ ৰে’লৱে প্ৰাথমিক বিদ্যালয় ( অসমীয়া মাধ্যম )ৰ প্ৰাংগণত আয়োজন কৰা এই বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰৰ আৰম্ভণীতে এক চমু উদ্বোধনী অনুষ্ঠান অনুষ্ঠিত হয় । সংবাদকৰ্মী দীপক দত্ত ( জোন ) ই আঁত ধৰা উদ্বোধনী অনুষ্ঠানত বন্তি প্ৰজ্বলন কৰে মৰিয়নি মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ তথা চিনামৰা মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যক্ষ, শিক্ষাবিদ আনন্দ শইকীয়াই । নিবেদিতা মেডিকেলৰ স্বত্বাধিকাৰ তথা মৰিয়নি পৌৰসভাৰ উপ-পৌৰপতি প্ৰদীপ দাসে চমু আদৰণি ভাষন প্ৰদান কৰা অনুষ্ঠানটোত উদ্যোক্তা পৰিয়ালৰ হৈ সুনন্দা দাস, চয়ন দাস আদিয়ে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । আনহাতে, ভাৰতীয় ৰে’ল মেডিকেল সেৱাৰ অৱসৰপ্ৰাপ্ত জ্যেষ্ঠ চিকিৎসা বিষয়া ডাঃ প্ৰণৱ কুমাৰ চৌধুৰীয়ে ফিটা কাটি বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰটো মুকলি কৰে । শিবিৰটো মুকলি কৰি এনে ধৰণৰ বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰে দুখীয়া দৰিদ্ৰ শ্ৰেণীৰ লগতে সকলো শ্ৰেণীৰ ৰাইজক উপকাৰ কৰে বুলি উল্লেখ কৰাৰ লগতে জ্যেষ্ঠ চিকিৎসকজনে নিবেদিতা মেডিকেলৰ এনে ইতিবাচক কাৰ্য্যৰ শলাগ লয় । যোৰহাটৰ আগশাৰীৰ চিকিৎসালয় এ. জি. নাৰ্চিং হোমে সহযোগিতা আগবঢ়োৱা এই স্বাস্থ্য পৰীক্ষা শিবিৰত বহুকেইটা বিভাগৰ বিশেষজ্ঞ চিকিৎসকে অংশগ্ৰহণ কৰে । তাৰে ভিতৰত জ্যেষ্ঠ শিশু বিশেষজ্ঞ ডাঃ মুনীন গোস্বামী, অস্থিৰোগ বিশেষজ্ঞ ডাঃ গৌতম হাজৰিকা, প্ৰসূতি ৰোগ বিশেষজ্ঞ ডাঃ এন্দ্ৰিলা হাজৰিকা, দন্ত ৰোগ বিশেষজ্ঞ ডাঃ মঞ্জৰী ত্ৰিপাঠী, জ্যেষ্ঠ চিকিৎসক ডাঃ ৰিতেশ কালৱাৰ, ডাঃ অমৃত কুমাৰ শৰ্মা, ডাঃ বিশ্বজিত শৰ্মা, ডাঃ হেমন্ত শৰ্মা, ডাঃ কাৰ্তিকে মিশ্ৰ, ডাঃ ভূৱন চন্দ্ৰ গগৈ, ডাঃ প্ৰণৱ কুমাৰ চৌধুুৰী আদিয়ে প্ৰায় চাৰি শতাধিক ৰোগীৰ স্বাস্থ্য পৰীক্ষা কৰে । ৰোগীসকলৰ স্বাস্থ্য পৰীক্ষা কৰাৰ লগতে বিনামূলীয়াকৈ ঔষধো প্ৰদান কৰা হয় । তাৰোপৰি বিনামূলীয়াকৈ ব্লাড প্ৰেছাৰ পৰীক্ষা কৰাৰ লগতে চুগাৰৰ পৰিমাণো পৰীক্ষা কৰা হয় । এই কাৰ্য্যসূচীত স্বেচ্ছাসেৱী অনুষ্ঠান উই কেয়াৰৰ লগতে মৰিয়নি পৌৰসভাৰ পৌৰপতি বিশ্বপ্ৰভা শইকীয়া, পৌৰসদস্য কাজল ভট্টাচাৰ্য্য, বিজন মজুমদাৰ, ৰঞ্জুশ্ৰী দত্ত, আৰু শংকৰ চক্ৰৱৰ্তী, প্ৰাক্তন পৌৰপতি শম্ভু পাল, টাইনি টটছ স্কুলৰ অধ্যক্ষ ৰিজৱানা আনচাৰি, যুৱ সমাজকৰ্মী দিপেন দাস, স্বাস্থ্যকৰ্মী সুব্ৰত কৰ্মকাৰ, প্ৰণৱ মজুমদাৰ, পিংকি বসাক, নিকিতা বিশ্বাস, সলিল ঘোষ, গোপাল ঘোষ, মানৱ দাস, বিপ্লৱ ঘোষ, প্ৰসূন ৰয়, ৰাজীৱ নন্দী, অমৃত বৰ্ধন, নয়ন মজুমদাৰ, ৰাজ বনিক, প্ৰবীন শইকীয়া, পিংকু শইকীয়া, দিলীপ বিশ্বাস, হিমাংশু দেৱ, বিপদ দেবনাথ, বাবুল দাস, মিঠু সৰকাৰ দাস, ৰাজু বসাক, সাগৰ দে, প্ৰশান্ত বাবা দাস, নিবাৰণ দত্ত আদি উপস্থিত থাকি সমগ্ৰ অনুষ্ঠানটোত পূৰ্ণ সহযোগিতা আগবঢ়ায় । নিবেদিতা মেডিকেলৰ এনে প্ৰসংশনীয়া কাৰ্য্যক স্থানীয় সচেতন ৰাইজে শলাগ লৈছে ।
দিব্যজ্যোতি শইকীয়া