যোৰহাটত সাহিত্য সভাৰ কাৰ্যনিৰ্বাহকৰ অধিৱেশন : দিগন্ত বিশ্ব শৰ্মা-মৃণালিনী দেৱীক সম্বৰ্ধনা
বিশেষ বাৰ্তা, ২ এপ্ৰিলঃ অসমীয়া ভাষাৰ সংকট সন্দৰ্ভত বিভিন্ন সময়ত আলোচনা চলি আহিছে। এই ক্ষেত্ৰত নিজেও উপলব্ধি কৰি আহিছো। ভাষা ৰক্ষাৰ ক্ষেত্ৰত কৰিব লগীয়া বহুত আছে। অসমীয়াৰ ভাষাটো ৰক্ষাৰ ক্ষেত্ৰত যি সমূহ কৰিব লগীয়া আছে সেইসমূহ কৰণাৰ্থে আঁচনি প্ৰস্তুত কৰা হৈছে।এই আঁচনি আৰু কাৰ্যপন্থাই সুদূৰ প্ৰসাৰি প্ৰভাৱ পেলাব বুলি আশা কৰা হৈছে। এই মন্তব্য অসম সাহিত্য সভাৰ নৱ নিৰ্বাচিত সভাপতি পদ্মশ্ৰী ডঃ সূৰ্য্য কান্ত হাজৰিকাৰ।আজি অসম সাহিত্য সভাৰ কেন্দ্রীয় কাৰ্যালয়ৰ দানবীৰ ৰাধা কান্ত সন্দিকৈ ভৱনত আয়োজন কৰা অসম সভাৰ ২০২৩-২৫ বৰ্ষৰ কাৰ্যনিৰ্বাহকৰ সমিতিৰ প্ৰথমখন পূৰ্ণাংগ অধিবেশন ৰ প্ৰাক ক্ষণত আয়োজন কৰা সভাত সভাপতি ডঃ সূৰ্য কান্ত হাজৰিকাই আৰু কয় যে, অসম সাহিত্য সভাই সুদূৰ প্ৰসাৰি কাম কৰিবৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিব। শতবৰ্ষ গৰকা অসম সাহিত্য সভাৰ প্ৰাংগণত সংগ্ৰহালয় প্ৰতিষ্ঠা, সাহিত্য সভাৰ প্ৰাংগণত অভিলেখাগাৰ, পূৰ্ণাংগ পৰ্যায়ৰ পুথিভঁৰাল স্থাপন কৰাৰ লগতে কেন্দ্ৰীয় কাৰ্যালয় চন্দ্ৰকান্ত সন্দিকৈ ভৱন প্ৰাণ প্ৰাচুৰ্যৰে উদ্ভাসিত কৰা হব বুলি উল্লেখ কৰে সভাপতি ডঃ সূৰ্য কান্ত হাজৰিকা ই। অসম সাহিত্য সভাই আগন্তক দিনত অসমৰ ভাষা সাহিত্যৰ বাবে অহোপুৰুষাৰ্থ কৰি যাব বুলি নৱ নিৰ্বাচিত সভাপতি ড সূৰ্য কান্ত হাজৰিকাই মন্তব্য কৰে।অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক সমিতিৰ প্ৰথম খন পূৰ্ণাংগ অধিবেশন খনি উদ্বোধন কৰি সাংসদ কামাখ্যা প্ৰসাদ তাছাই কয় যে, ভাষা সলনি কৰিলেই নহব।অসম সাহিত্য সভাই ভাষাটো ৰক্ষা কৰাৰ চেষ্টা কৰক। মিছিং, বড়ো, ডিমা হাছাও ৰ ভাষা কিমান জনে জানে সেই কথা আজিৰ দিনত বিবেচনাৰ বিষয় হৈ পৰিছে।অসমীয়া এতিয়া ঠেক গণ্ডীলৈ ৰূপান্তৰ ঘটিছে।এনে হলে অসমীয়া জাতি আৰু ভাষাৰ ক্ষেত্ৰত সংকট অহাটো নিশ্চিত।সেয়ে অসম সাহিত্য সভাক অহং মনোভাব ত্যাগ কৰিবৰ বাবে আহ্বান জনায় কামাখ্যা প্ৰসাদ তাছাই সাহিত্য সভাৰ ওপৰত প্ৰত্যেক গৰাকী লোকৰ অধিকাৰ আছে বুলিও ভাষণত উল্লেখ কৰে।অসম সাহিত্য সভাক বিভিন্ন সময়ত বহু বিতৰ্কই লগ দিছে।সেই বিতৰ্ক সমূহৰ অৱসানৰ বাবে আহ্বান জনায় সাংসদ কামাখ্যা প্ৰসাদ তাছাই এই ক্ষেত্ৰত কৰ্ম আঁচনি প্ৰস্তুত কৰাৰ পোষকতা কৰে।।প্ৰসংগ ক্ৰমে তেওঁ আৰু কয় যে মুখ্যমন্ত্ৰীৰ মাতৃ হিছাপে মৃণালীনী দেৱী আৰু ভাতৃ হিছাপে ড দিগন্ত বিশ্ব শৰ্মা সাহিত্য সভাৰ মজিয়াত বহি থকা নাই।তেখেত সকল স্ব গুণৰ বাবেই আজি ইয়াত উপস্থিত হৈ আছে বুলি উল্লেখ কৰি সাংসদ তাছাই আৰু কয় যে সাহিত্য সভা চলাবলৈ চৰকাৰৰ ওপৰত নির্ভৰ হব নালাগে।অসম সাহিত্য সভা স্বয়ং সম্পূৰ্ণ অনুষ্ঠান লৈ পুনৰ ৰূপান্তৰিত হোৱাৰ আশা প্ৰকাশ কৰে সাংসদ গৰাকীয়ে। উক্ত অনুষ্ঠানত সাহিত্য অকাডেমিৰ অসমীয়া ভাষা উপদেষ্টা পৰিসদৰ আহবায়ক ড দিগন্ত বিশ্ব শৰ্মা আৰু সভাৰ সদ্যবিদায়ী উপ সভাপতি মৃণালীনী দেৱীক অসম সাহিত্য সভাৰ তৰফৰ পৰা বিশেষ ভাবে অভিনন্দন জনোৱা হয়। ইয়াৰ পূৰ্বে পুৱা পতাকা উত্তোলন কৰে অসম সাহিত্য সভাৰ সভাপতি ড° সুৰ্যকান্ত হাজৰিকাই ৷ স্মৃতি তৰ্পণ কাৰ্যসূচী মুকলি কৰে উপ সভাপতি ডাঃ গিৰীশ সন্দিকৈয়ে ৷ ইয়াৰ পাছতে সাহিত্যচাৰ্য যতীন্দ্ৰনাথ গোস্বামী পথৰ ফলক আনুষ্ঠানিকভাৱে উন্মোচন কৰে সভাপতি ড° সুৰ্যকান্ত হাজৰিকাই ৷ পুৱা ১০ বজাত অনুষ্ঠিত হোৱা উদ্বোধনী অনুষ্ঠানৰ টোত সঞ্চালনা কৰে অসম সাহিত্য সভাৰ সভাপতি ড° সুৰ্যকান্ত হাজৰিকাই। অনুষ্ঠানটোত জিলা সভাপতি ভৱ গোস্বামীয়ে আদৰণি ভাষণ আগবঢ়োৱাই। এই অনুষ্ঠানত প্ৰাক্তন ভাৰপ্ৰাপ্ত সভাপতি পদ্মশ্ৰী প্ৰহ্লাদ চন্দ্ৰ তাছা প্ৰাক্তন প্ৰধান সম্পাদক ড° বসন্ত কুমাৰ গোস্বামী সদ্য বিদায়ী প্ৰধান সম্পাদক যাদৱ শৰ্মা প্ৰাক্তন ভাৰপ্ৰাপ্ত প্ৰধান সম্পাদক প্ৰতাপ চন্দ্ৰ বৰুৱা বিশিষ্ট সমাজসেৱক শান্তনু পুজাৰী হেমন্ত কলিতা প্ৰমুখ্যে বৰেণ্য লেখক সাহিত্যিকসকলৰ উপস্থিতত অনুষ্ঠিত অনুষ্ঠানটোত যোৰহাট অনাতাঁৰ শিল্পী মঞ্চই পৰিৱেশন কৰা চিৰ চেনেহী মোৰ ভাষা জননী গীতেৰে আৰম্ভ হোৱা সভা খনত উদ্দেশ্য ব্যাখ্যা কৰে প্ৰধান সম্পাদক ড° উপেন্দ্ৰজিত শৰ্মাই।