নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লক্ষাধিক ডাকঘৰত মুকলি ‘মহিলা সন্মান সঞ্চয় প্রমাণ–পত্র’; দুবছৰত লাভ কৰিব ৭.৫ শতাংশ সুত

নিয়মীয়া বাৰ্তা, ৪এপ্ৰিল: বিত্তীয় বর্ষৰ আৰম্ভণিৰে পৰা মহিলাসকলৰ বাবে এক বিশেষ জমা প্রকল্পৰ সূচনা কৰা হৈছে৷ যোৱা ১ ফেব্রুৱাৰীত বাজেট ভাষণত ঘোষণা কৰিছিল কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতাৰমণে৷ মন্ত্রীগৰাকীৰ ঘোষণা অনুসৰি কেন্দ্রীয় বিত্ত মন্ত্রণালয়ৰ তৰফৰ পৰা ‘মহিলা সন্মান সঞ্চয় প্রমাণ–পত্র’ আঁচনি মুকলি কৰা হৈছে এক গেজেট বিজ্ঞপ্তি জাৰিৰ জৰিয়তে৷ মহিলাসকলৰ বাবে এই হ্রস্বম্যাদী জমা কেন্দ্রীয় কর্মসূচী দেশৰ ১ লাখৰো বেছি ডাকঘৰত মুকলি কৰা হৈছে৷ এই প্রকল্পৰ জৰিয়তে ধন বিনিয়োগৰ সুযোগ লাভ কৰিব অকল মহিলাসকলে৷ মহিলা সন্মান ছেভিংছ চার্টিফিকেট প্রকল্পত ধন জমা কৰা মহিলাসকলে দুবছৰৰ জমা ধনৰ ওপৰত ৭.৫ শতাংশ সুত লাভ কৰিব৷ কেৱল মহিলাসকলে এই প্রকল্পত ডাকঘৰত পাছবুক খুলিব পাৰিব৷ অৱশ্যে নাবালিকা কন্যাৰ বাবে অভিভাৱকসকলেও একাউণ্ট খুলিব পাৰিব বুলি বিজ্ঞপ্তিটোত উল্লেখ কৰা হৈছে৷ এই প্রকল্পৰ অধীনত এগৰাকী মহিলাই সর্বোচ্চ ২ লাখ টকা জমা কৰিব পাৰিব৷ লক্ষণীয়ভাৱে ম্যাদ শেষ হোৱাৰ পূর্বে আংশিক জমা ধনো উলিয়াবলৈ সক্ষম হ’ব মহিলাসকলে৷ ২০২৫ চনৰ ৩১ মার্চলৈকে কোনো মহিলা বা নাবালিকা কন্যাৰ নামত মহিলা সন্মান সঞ্চয় প্রমাণ–পত্রত ধন জমা থ’ব পাৰিব৷

You might also like