কা–এনআৰচিৰ বেনাৰ হাতত লৈ প্রৱেশ নিষেধঃ নির্দেশনা আইপিএল কর্তৃপক্ষৰ
নিয়মীয়া বাৰ্তা, ৪এপ্ৰিল: ক’ৰোনা কাল পাৰ হোৱাৰ পিছত পুনৰ ক্রিকেট জ্বৰত আক্রান্ত হৈছে দেশৰ ক্রিকেটানুৰাগী৷ দর্শকেৰে উপচি পৰিছে আই পি এল আয়োজন কৰা ষ্টেডিয়ামৰ গেলাৰী৷ ইয়াৰ লগে লগে দর্শকৰ হাতত দেখা গৈছে বিভিন্ন ধৰণৰ বেনাৰ–পোষ্টাৰ৷ কিন্তু এইক্ষেত্রত কিছু বাধা নিষেধ জাৰি কৰিছে আই পি এল কর্তৃপক্ষই৷ চি এ এ (কা) অথবা এন আৰ চিৰ প্রতিবাদ সংক্রান্তীয় কোনো বেনাৰ হাতত লৈ খেলপথাৰত প্রৱেশ কৰিব নোৱাৰিব বুলি স্পষ্ট কৰি দিয়া হৈছে৷ বহুক্ষেত্রত বিভিন্ন বিষয়ৰ প্রতিবাদৰ মঞ্চ হৈ পৰে খেলপথাৰ৷ কেৱল সমর্থকেই নহয়, খেলুৱৈসকলেও খেলপথাৰত থিয় হৈ বিভিন্ন বিষয়ত প্রতিবাদ জনায়৷ কিন্তু আই পি এলৰ আয়োজকসকলে বিচৰা নাই এই প্রতিযোগিতাখন চি এ এ অর্থাৎ সংশোধিত নাগৰিকত্ব আইন আৰু ৰাষ্ট্রীয় নাগৰিকপঞ্জী (এনআৰচি)ৰ আন্দোলনৰ মঞ্চ হৈ পৰক৷ এক বিবৃতিযোগে জনাই দিয়া হৈছে যে যিসকলে দিল্লী, ম’হালি, হায়দৰাবাদ আৰু আহমেদাবাদত মেচ উপভোগ কৰিবলৈ যাব তেওঁলোকে চি এ এ অথবা এন আৰ চি সংক্রান্তীয় কোনো বেনাৰ বা পোষ্টাৰ হাতত লৈ ষ্টেডিয়ামত প্রৱেশ কৰিব নোৱাৰিব৷
উল্লেখ্য যে কেন্দ্রই বলৱৎ কৰা চি এ এ আৰু এন আৰ চিক লৈ ২০১৯ চনত উত্তাল হৈছিল সমগ্র দেশ৷ সংশোধিত নাগৰিকত্ব আইনৰ প্রতিবাদত পথত নামিছিল লক্ষ লক্ষ লোক৷ তীব্র আন্দোলনৰ ফলত এতিয়াও দেশত এই আইন কার্যকৰী হোৱা নাই৷ আই পি এলক যাতে এই প্রতিবাদৰ মঞ্চ হিচাপে ব্যৱহাৰ কৰা নহয়, তাৰ বাবে আগতীয়াকৈ নির্দেশনা জাৰি কৰা হ’ল৷