টেষ্ট ক্রিকেটৰ ইতিহাসত বিশ্বাভিলেখ বাংলাদেশ টেষ্ট দলৰ
বিশেষ বাৰ্তা, ৪ এপ্রিলঃ টেষ্ট ক্রিকেটত নতুন অভিলেখ গঢ়িলে ছাকিব আল হাছানৰ বাংলাদেশে৷ এই কৃতিত্ব ভাৰত, পাকিস্তান, অষ্ট্রেলিয়া আৰু ইংলেণ্ডৰ নিচিনা শক্তিশালী দলৰো নাই৷ আয়াৰলেণ্ডৰ বিপক্ষে টেষ্ট খেলি নতুন নজিৰ গঢ়িলে বাংলাদেশে৷ উল্লেখ্য যে আই চি চিৰ টেষ্ট খেলাৰ মর্যাদা লাভ কৰিছে ১২খন দেশে৷ ভাৰতৰ উপৰি টেষ্ট ক্রিকেট খেলে অষ্ট্রেলিয়া, ইংলেণ্ড, নিউজিলেণ্ড, ৱেষ্ট ইণ্ডিজ, পাকিস্তান, শ্রীলংকা, বাংলাদেশ, আফগানিস্তান, দক্ষিণ আফ্রিকা, জিম্বাব’ৱে আৰু আয়াৰলেণ্ডে৷ বিশ্বৰ প্রথমখন দেশ হিচাপে অন্য ১১খন দেশৰ বিৰুদ্ধে টেষ্ট খেলাৰ গৌৰৱ অর্জন কৰিলে বাংলাদেশে৷ আজি আয়াৰলেণ্ডৰ বিৰুদ্ধে টছ কৰাৰ পিছতে এই অভিলেখৰ গৰাকী হয় দলটো৷ আয়াৰলেণ্ডৰ বিৰুদ্ধে ইয়াৰ পূর্বে টেষ্ট খেলিছে আফগানিস্তান, ইংলেণ্ড আৰু পাকিস্তানে৷ অর্থাৎ বাকী আঠখন দেশে আয়াৰলেণ্ডৰ বিৰুদ্ধে এতিয়াও টেষ্ট খেলা নাই৷ এই দলবোৰে এইপর্যন্ত ১০খন দেশৰ বিৰুদ্ধে টেষ্ট মেচত অৱতীর্ণ হৈছে৷ ইপিনে, আফগানিস্তানৰ এতিয়ালৈ ইংলেণ্ড আৰু পাকিস্তানৰ বিৰুদ্ধে টেষ্ট মেচ খেলাৰ সুযোগ পোৱা নাই৷ ফলত এই তিনিখন দেশৰো আটাইবোৰ দেশৰ বিৰুদ্ধে টেষ্ট খেলাৰ কৃতিত্ব নাই৷ কেৱল বাংলাদেশেই অন্য ১১খন দেশৰ বিৰুদ্ধে টেষ্ট মেচ খেলাৰ কৃতিত্ব আজি অর্জন কৰিলে৷