জেছন ৰয়ক চুক্তিবদ্ধ কলকাতা নাইট ৰাইডার্ছৰ
বিশেষ বাৰ্তা, ৫ এপ্রিলঃ ইংলেণ্ডৰ অ’পেনাৰ জেছন ৰয়ক চুক্তিবদ্ধ কৰিলে আইপিএলৰ দুবাৰৰ চেম্পিয়ন কলকাতা নাইট ৰাইডার্ছে৷ দলটোৰ অধিনায়ক শ্রেয়াছ আয়াৰৰ স্থানত জেছন ৰয়ক চুক্তিবদ্ধ কৰে ফ্রেনচাইজীটোৱে৷ ১.৫ কোটিৰ বেছ প্রাইজৰ জেছন ৰয়ক চলিত আইপিএলৰ বাবে ২.৮ কোটি টকা খৰচ কৰে কলকাতাই৷ আঘাতপ্রাপ্ত শ্রেয়াছ আয়াৰ আৰু বাংলাদেশৰ অলৰাউণ্ডাৰ ছাকিব আল হাছানে বিচিচিআইৰ ঐশ্বর্যশালী টি–২০ প্রতিযোগিতাখনত অংশগ্রহণ কৰিব নোৱাৰাৰ পৰিপ্রেক্ষিতত ফ্রেনচাইজীটোৱে ইংলেণ্ডৰ জেছন ৰয়ক চুক্তিবদ্ধ কৰাৰ সিদ্ধান্ত গ্রহণ কৰে বুলি আইপিএলৰ এক বিবৃতিত আজি এই কথা সদৰী৷