নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিৰল প্রজাতিৰ ‘ৰক্তপিপাসু’ মাছৰ সন্ধান

নিয়মীয়া বাৰ্তা, ৬ এপ্ৰিল : ভয়ংকৰ ৰক্তপিপাসু মাছৰ সন্ধান পোৱা গ’ল সমুদ্রত৷ বিৰল প্রজাতিৰ এই মাছৰ সন্ধান পোৱা গৈছে নেদাৰলেণ্ডছৰ সমুদ্র তীৰত৷ ‘ফক্স ৱেদাৰ’ৰ প্রতিবেদন অনুসৰি সমুদ্র বিজ্ঞানী জেকো হেভাৰমান্সে যোৱা মাহত সমুদ্র তীৰেৰে খোজকঢ়া সময়ত এই আজব মাছটো দেখিবলৈ পাইছে৷ পদাকাৰ এই মাছৰ দৈর্ঘ্য প্রায় ৩ ফুট৷ হাঙৰৰ দৰে শাৰী শাৰী ধাৰাল দাঁত আছে মাছটোৰ মুখত৷ এই বিৰল প্রজাতিৰ মাছবিধ মাংসাহাৰী বুলি ধাৰণা কৰা হৈছে৷ লক্ষণীয়ভাৱে ৬ বছৰ পূর্বেও আমষ্টাৰডামৰ পৰা ১০৪ কিলোমিটাৰ উত্তৰে সমুদ্র তীৰত এই মাছবিধ দেখিবলৈ পোৱা গৈছে৷ ‘ছী লেমপ্রে’ নামৰ এই মাছৰ প্রজাতি বহু কোটি বছৰ পূর্বে সমুদ্রত যথেষ্ট পৰিমাণে আছিল৷ কিন্তু বিভিন্ন প্রাকৃতিক পৰিঘটনাৰ বাবে ইয়াৰ অস্তিত্ব প্রায় নাইকিয়া হৈ আহিছে গভীৰ জলৰাশিত৷

You might also like