নিয়মীয়া বাৰ্তা, ৬ এপ্ৰিল : কাশ্মীৰ আৰক্ষীৰ জিম্মাৰ পৰা পলাল দুই লস্কৰ–ই–তৈবাৰ কুখ্যাত সন্ত্রাসবাদী৷ আজি পুৱাৰ ভাগতে ৰমজানৰ প্রথা অনুসৰি থানাত চলিছিল চেহৰীৰ প্রস্তুতি৷ সেই সময়তে সুযোগ লৈ আৰক্ষীৰ জিম্মাৰ পৰা পলায়ন কৰে দুয়োটা লস্কৰ সন্ত্রাসবাদীয়ে৷ উল্লেখনীয় যে বাৰামুলাত এক বোমা বিস্ফোৰণৰ ঘটনাত আটক কৰা হৈছিল এই দুই সন্ত্রাসবাদীক৷ ইতিমধ্যে আৰক্ষীয়ে দুয়োটা পলাতক সন্ত্রাসবাদীক গ্রেপ্তাৰ কৰিবলৈ অভিযান আৰম্ভ কৰিছে৷ ২০২২ চনৰ মে’ মাহত আৰক্ষীৰ হাতত আটক হয় এই দুই সন্ত্রাসবাদী৷ পলায়ন কৰা এই দুই সন্ত্রাসবাদীৰ নাম মাৰুক নাজিৰ ছোলে আৰু শ্বাহিদ চৌকত বালা৷