নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কলকাতাৰ ইডেন গার্ডেনত আৰচিবিৰে আজি যুঁজিব নাইট ৰাইডার্ছে

নিয়মীয়া বাৰ্তা, ৬ এপ্ৰিল : সুদীর্ঘ ১৪৩৯ দিনৰ পিছত কলকাতাৰ ইডেন গার্ডেনত আই পি এলৰ মেচ খেলিব দুবাৰৰ চেম্পিয়ন কলকাতা নাইট ৰাইডার্ছে৷ আজি ইডেন গার্ডেনত হ’বলগীয়া চলিত ছিজনৰ আই পি এলৰ মেচখনত আঘাতজর্জৰ শ্বাহৰুখ খানৰ দলটোৱে বিৰাট কোহলি, ফাফ ডু প্লেচিছ, গ্লেন মেক্সৱেলৰ দৰে তাৰকা খেলুৱৈৰে সমৃদ্ধ ৰয়েল চেলেঞ্জার্ছ বাংগালুৰুৰে মুখামুখি হ’ব৷

বি চি চি আইৰ ঐশ্বর্যশালী টি–২০ প্রতিযোগিতাখনৰ প্রথমখন মেচতে পঞ্জাব কিংছৰ হাতত পৰাস্ত হোৱা নীতিশ ৰাণা নেতৃত্বাধীন কলকাতাই আজি জয়ৰ লক্ষ্যৰে অৱতীর্ণ হ’ব৷ স্থায়ী অধিনায়ক শ্রেয়াছ আয়াৰৰ লগতে অলৰাউণ্ডাৰ ছাকিব আল হাছানৰ অনুপস্থিতিত চাপত ভোগা নাইট ৰাইডার্ছে আজি আৰ চি বিক পৰাস্ত কৰি প্রতিযোগিতাখনত প্রত্যাৱর্তন কৰাৰ লক্ষ্য লৈছে৷

ইফালে, প্রায় চাৰি বছৰৰ অন্তত ইডেনত হ’বলগীয়া আই পি এলৰ এই মেচখনক লৈ অনুৰাগীৰ যথেষ্ট উছাহ দেখা গৈছে৷ জানিব পৰা মতে এই মেচখনৰ টিকট ক’লা বজাৰতো বিক্রী হৈছে৷

মন কৰিবলগীয়া যে ২০১৯ চনৰ এপ্রিলত অন্তিমবাৰৰ বাবে ইডেনত আই পি এল অনুষ্ঠিত হৈছিল৷ আজিৰ এই বহু প্রতীক্ষিত মেচখনত উপস্থিত থকাৰ সম্ভাৱনা আছে কলকাতা নাইট ৰাইডার্ছৰ স্বত্বাধিকাৰী, বলীউডৰ বাদশ্বাহ শ্বাহৰুখ খান৷ আজিৰ মেচখন সন্দর্ভত নাইট ৰাইডার্ছৰ প্রশিক্ষক চন্দ্রকান্ত পণ্ডিতে কয় যে দলটোৱে সম্প্রতি নেতৃত্বৰ অভাৱত ভুগিছে৷ স্থায়ী অধিনায়ক শ্রেয়াছ আয়াৰৰ অনুপস্থিতি দলটোৰ বাবে এক বৃহৎ ক্ষতি৷ অৱশ্যে নীতিশ ৰাণাৰ নেতৃত্বত দলটোৱে উন্নত প্রদর্শন দাঙি ধৰিব পাৰিব বুলি প্রশিক্ষকগৰাকী আত্মবিশ্বাসী৷

মেচৰ সময়: সন্ধিয়া ৭.৩০ বজা৷

You might also like