সৰুপেটাৰ বি এইচ বি মহাবিদ্যালয়ত “বিশ্ব স্বাস্থ্য দিৱস” উদযাপন
নিয়মীয়া বাৰ্তা, ৭ এপ্ৰিল :: সৰুপেটাস্থিত বি এইচ বি মহাবিদ্যালয়ত আজি বিভিন্ন কাৰ্যক্ৰমনিকাৰে বিশ্ব স্বাস্থ্য দিৱস পালন কৰা হয় । উক্ত বিশ্ব স্বাস্থ্য দিৱস উপলক্ষে বি এইচ বি মহাবিদ্যালয়ত আজি ৰাতিপুৱা ছয় বজাত স্বাস্থ্য সজাগতাৰ বাবে দহ কিলোমিটাৰ পদযাত্ৰাৰ এক সমদল উলিওৱা হয়। পদযাত্ৰা কাৰ্যসূচীৰ আৰম্ভণি কৰে বি এইচ বি মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ নয়নজ্যোতি দাসে।বি এইচ বি মহাবিদ্যালয়ৰ স্বাস্থ্য পৰামৰ্শদান কোষ,এন চি চি,এন এচ এচ আৰু বি এইচ বি মহাবিদ্যালয়ৰ উদ্যোগত আজি এই স্বাস্থ্য সজাগতা ৰেলী আয়োজন কৰা হয়।
মহাবিদ্যালয়ৰ শিক্ষক কৰ্মচাৰী আৰু ছাত্ৰ ছাত্ৰীসকলে পদযাত্ৰা কৰি গৈ ভৱানীপুৰ স্বাস্থ্য কেন্দ্ৰত এখন সজাগতা সভাৰ আয়োজন কৰে। সভাত বি এইচ বি মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ নয়নজ্যোতি দাস আৰু ভৱানীপুৰ স্বাস্থ্য কেন্দ্ৰৰ চিকিৎসক ডাক্তৰ নীলমণি দাসে স্বাস্থ্য সজাগতা সম্পৰ্কে বক্তৃতা প্ৰদান কৰে। প্ৰায় দুই শতাধিক ছাত্ৰ ছাত্ৰীয়ে যোগদান কৰা পদযাত্ৰাত উপাধ্যক্ষ উপেন্দ্ৰনাথ বৰ্মন,ডক্টৰ দিপুল তালুকদাৰ,ডক্টৰ কল্পনা বৈশ্য,ডক্টৰ নমিতা দাস গুৰুং, প্ৰবোধ কলিতা,ডেইজী কলিতা, মৃণাল দত্ত, সবিতা তকবিপি,সুমিত ঘোষ,অলীশ্ৰী তালুকদাৰ,ডালিম চন্দ্ৰ ডেকা, নয়নজ্যোতি তালুকদাৰ, ফণীধৰ মেছ, মীনাক্ষী ডেকা আদি শিক্ষক কৰ্মচাৰীৰ লগতে ছাত্ৰীনিবাসৰ ছাত্ৰীসকল , ছাত্ৰ একতা সভাৰ সমূহ বিষয় ববীয়াৰ,এন এছ এছ গোট,এন চি চি গোট আদিৰ সকলো সদস্যই যোগদান কৰে। দুদিনীয়াকৈ আয়োজন কৰা বিশ্ব স্বাস্থ্য দিৱসৰ দ্বিতীয় দিনা ৰক্ত পৰীক্ষা শিবিৰৰ আয়োজন কৰা হৈছে।
ভূষণ তালুকদাৰ ।