আয়ুষ মন্ত্ৰালয়ৰ উদ্যোগত ডিব্ৰুগড় বিশ্ববিদ্যালয়ত যোগ মহোৎসৱ সম্পন্ন
নিয়মীয়া বাৰ্তা, ৭এপ্ৰিল: ভাৰত চৰকাৰৰ আয়ুষ মন্ত্ৰালয়, মোৰাৰজী দেশাই ৰাষ্ট্ৰীয় যোগ প্ৰতিষ্ঠানে অসম চৰকাৰ আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সহযোগত আয়োজন কৰা “যোগ মহোৎসৱ- ২০২৩”ৰ কেন্দ্ৰীয় আয়ুষ, বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি উদ্বোধন কৰে। আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ ৰ ৭৫ দিনৰ পূৰ্বে অনুষ্ঠিত হোৱা এই যোগ মহোৎসৱত সৰ্বানন্দ সোণোৱালকে ধৰি ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী অধ্যাপক ড° মাণিক সাহা, অৰুণাচল প্ৰদেশৰ উপ-মুখ্যমন্ত্ৰী চৌনা মেইন, মেঘালয়ৰ উপ-মুখ্যমন্ত্ৰী প্ৰেষ্টোন টাইনছং, কেন্দ্ৰীয় পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছৰ ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী , কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা ৰাজ্যিক মন্ত্ৰী ড° ৰাজকুমাৰ ৰঞ্জন সিং, অসমৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী কেশৱ মহন্ত, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী ড° সপম ৰঞ্জন সিং, মণিপুৰ চৰকাৰ, অসমৰ উদ্যোগ আৰু বাণিজ্য মন্ত্ৰী বিমল বৰা, অৰুণাচল প্ৰদেশ চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী আলো লিবাং, মেঘালয় চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী ডাঃ মেজেল আম্পাৰিন লিংডোহ, এল বি দাস, ভবেশ কলিতা, মন্ত্ৰী সঞ্জয় কিষাণ, শ্ৰম কল্যাণ বিভাগ, বিধায়ক প্ৰশান্ত ফুকন, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক জিতেন হাজৰিকা উপস্থিত থাকে। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হোৱা এই অনুষ্ঠানত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী, অধ্যাপক-অধ্যাপিকা, কৰ্মচাৰী তথা জিলাখনৰ বিভিন্ন বিদ্যালয়-মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীক সংলগ্ন কৰি পাঁচ হাজাৰৰ অধিক লোক উপস্থিত থাকে। লগতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ বিষ্ণুৰাভা ৰংগমঞ্চত ৬ আৰু ৭ এপ্ৰিলত “আয়ুষ প্ৰদৰ্শনী”ৰো আয়োজন কৰা হৈছে।