ৰঙাপৰা খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ পৰ্যবেক্ষন আৰক্ষী অধীক্ষক সুশান্ত বিশ্ব শৰ্মাৰ
নিয়মীয়া বাৰ্তা, ৭এপ্ৰিল: ৰাজ্যৰ শিক্ষানুষ্ঠান সমুহৰদৰে ৰাজ্য চৰকাৰে এইবেলি স্বাস্থ্যখণ্ডৰ মূল্যায়নৰ জড়িয়তে চিকিৎসালয় সমুহৰ উন্নয়ন সাধন কৰিব বিচৰা হৈছে। ইতিমধ্যে কালিৰে পৰা আৰম্ভ হোৱা মূল্যায়নৰ আজি দ্বিতীয়দিনা শোণিতপুৰৰ তেৰখন খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ, ৰাজ্যিক স্বাস্থ্য কেন্দ্ৰৰ আভ্যন্তৰীণ আৰু বহিঃ মূল্যায়ন কৰে। আজি ৰঙাপৰা খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰতো স্বাস্থ্য উৎসৱ পালন কৰে। ৰাজ্য চৰকাৰৰ ঘোষিত কাৰ্যসূচী অনুসৰি ৰঙাপৰা স্বাস্থ্য কেন্দ্ৰই স্বাস্থ্য উৎসৱ উপলক্ষে এক সুন্দৰ পৰিবেশ সৃষ্টিৰে চিকিৎসালয়ৰ চিকিৎসক, নাৰ্ছকে ধৰি সকলো বিভাগে নিজ নিজ বিভাগ সমুহ পৰিপাটিকৈ সজাই পৰাই ৰাখি প্ৰকৃত চিকিৎসালয়ৰ ছবিখন দাঙি ধৰিব সক্ষম হয়।
আজি বহিঃ মূল্যায়নৰ বাবে উপস্থিত থাকে জিলা আইনী মেট্ৰ লজি বিষয়া ৰাজীৱ বৰা আৰু আভ্যন্তৰীণ মূল্যায়ন কৰে তেজপুৰ চিকিৎসা মহাবিদ্যালয় হস্পিতালৰ মাইক্ৰবায়লজি বিভাগৰ ডাঃ অৰুনা সিঙে ।পৰ্যবেক্ষক হিচাপে শোণিতপুৰৰ আৰক্ষী অধীক্ষক সুশান্ত বিশ্ব শৰ্মাই উপস্থিত থাকি মূল্যায়ন কৰে । দলটি চিকিৎসালয়ত পুৱা প্ৰায় ৯. ৩০ বজাৰ পৰা বিয়লি ৩ বজালৈ মূল্যায়ন কৰে। চিকিৎসালয়ৰ সকলোৰে পূৰ্ণ সহযোগত স্বাস্থ্য উৎসব সফল সমাপ্তি ঘটাত কৃতজ্ঞতা জ্ঞাপন কৰি চিকিৎসক দীল্লিৰাম অধিকাৰীয়ে মূল্যায়নৰ দলটিক যথোচিত তথ্য প্ৰদান কৰিবলৈ সক্ষম হয়। ইয়ে আগন্তুক দিনত চিকিৎসালয়খনৰ উন্নয়ন সাধন কৰিব বুলি আশা ব্যক্ত কৰে।