নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভিন্ন গ্রহৰ পৰা বাৰে বাৰে আহিছে পৃথিৱীলৈ সংকেত

নিউয়র্ক, ৭ এপ্রিল ঃ মহাকাশত পৃথিৱীসদৃশ গ্রহ থকা বুলি জ্যোতির্বিজ্ঞানীসকলে ধাৰণা কৰি আহিছে৷ পৃথিৱীৰ দৰে বিশ্বব্রহ্মাণ্ডৰ কোনো গ্রহত প্রাণীৰ অস্তিত্ব থকা বুলিও অনুমান কৰি আহিছে বিজ্ঞানীসকলে৷ গতিকে, এই বিষয়টোক লৈ গৱেষণা অব্যাহত আছে৷ শেহতীয়াকৈ গৱেষণাই নতুন গতি লাভ কৰিছে৷ আনকি ভিন্ন গ্রহৰ পৰা পৃথিৱীলৈ আহিছে সংকেত৷ এবাৰ নহয়, বাৰবাৰ এই সংকেত পোৱা গৈছে৷ আমেৰিকাৰ নেচনেল ছায়েন্স ফাউণ্ডেচনেল ৰেডি’ টেলিস্কোপত সম্প্রতি ভিন্ন গ্রহৰ সংকেত ধৰা পৰিছে৷ বিজ্ঞানীসকলে দাবী কৰা অনুসৰি ঘন ঘনকৈ সংকেত আহিছে পৃথিৱীৰ পৰা মাত্র ১২ আলোকবর্ষ দূৰৈৰ এক গ্রহৰ পৰা৷ গ্রহটোৰ নাম ৰখা হৈছে ৱাইজেড ছেটি বি৷ এই গ্রহত পৃথিৱীৰ দৰে জলবায়ু থাকিব পাৰে বুলি ধাৰণা কৰা হৈছে৷ অৱশ্যে সেই সম্পর্কত নিশ্চিত হ’ব পৰা নাই বিজ্ঞানীসকল৷ কিন্তু ইয়াক লৈ বিস্তৰ পৰীক্ষা–নিৰীক্ষা আৰম্ভ কৰিছে জ্যোতির্বিজ্ঞানীসকলে৷ গ্রহটোৰ পৰা অহা চৌম্বকীয় তৰংগই বিজ্ঞানীসকলৰ মনত বৃদ্ধি কৰিছে কৌতূহল৷ গ্রহটোৰ চৌম্বকীয় ক্ষেত্রৰ সৈতে ইয়াৰ নক্ষত্রৰ সংযোগৰ ফলত সংকেত সৃষ্টি হোৱা বুলি উল্লেখ কৰিছে কেইবাগৰাকীও বিজ্ঞানীয়ে৷

You might also like