নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

টুইটাৰত প্ৰধানমন্ত্ৰী মোদীক অনুসৰণ এলন মাস্কৰ

নিয়মীয়া বাৰ্তা, ১১ এপ্রিল: বিশ্বৰ আটাইতকৈ ধনী ব্যক্তি তথা মাইক্ৰ’ব্লগিং চাইট টুইটাৰৰ স্বত্বাধিকাৰী এলন মাস্কে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক অনুসৰণ কৰিছে। তেওঁ সমগ্ৰ বিশ্বতে মাত্ৰ ১৯৫ জন লোককহে অনুসৰণ কৰে। এলন মাস্কে নিজেই টুইট কৰি এই তথ্য দিছে। একে সময়তে প্ৰধানমন্ত্ৰী মোদীৰ টুইটাৰত অনুগামীৰ সংখ্যা ৮৭ নিযুততকৈও অধিক।

এই ছ’চিয়েল চাইটত প্ৰধানমন্ত্ৰী মোদী অন্যতম ফ’ল’ড নেতা। শেহতীয়াকৈ এলন মাস্কৰ সৰ্বাধিক অনুগামী থকাৰ খবৰ প্ৰকাশ পাইছে। আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি বাৰাক ওবামা আৰু গায়ক জাষ্টিন বিবাৰৰ দৰে লোকক পিছুৱাই বিশ্বৰ দ্বিতীয় ধনী ব্যক্তিগৰাকীয়ে এই সফলতা লাভ কৰিছে। এতিয়া টুইটাৰত এলন মাস্কৰ ১৩৩ মিলিয়নতকৈ অধিক অনুগামী আছে। ২০২০ চনৰ পৰা টুইটাৰত সৰ্বাধিক অনুগামীৰ তালিকাৰ শীৰ্ষত আছিল বাৰাক ওবামা।

You might also like