ঢোল -পেপাঁৰ মাত ও নাচনীৰ গীৰিপনীত মুখৰিত ডিব্ৰুগড় সাহিত্য সভা ভৱন!
- দুই শতাধিক নাচনীৰ অংশগ্ৰহণত জীপাল হ’ল পৰিবেশ!
নিয়মীয়া বাৰ্তা, ১৩এপ্ৰিলঃ হেপাহৰ ৰঙালীৰ আজি উৰুকা! ৰঙালীক আদৰিবলৈ ইতিমধ্যে সাজু প্ৰতিজন অসমীয়া। বিভিন্ন প্ৰান্তত অনুষ্ঠিত বিহু কৰ্মশালা সমুহৰ সামৰণি। উজনি অসমৰ অন্যতম সাংবাদিক সংগঠন বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাব আৰু ডিব্ৰুগড় সাহিত্য সভাৰ উদ্যোগত অনুষ্ঠিত বিহু কৰ্মশালাৰ সামৰণি। নৃত্যাংগন কলাকেন্দ্ৰ আৰু মূৰ্ছনা সংগীত বিদ্যালয়ৰ যৌৰ্থ সহযোগত অনুষ্ঠিত ছয় দিনীয়া কৰ্মশালাৰ সামৰণি অনুষ্ঠানত মুখৰিত হৈ পৰে পৰিৱেশ৷ প্ৰায় ২০০ প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰা কৰ্মশালা খনিত বিহু নাচ,মৌ কুঁৱৰী, বিহুৱতী, বিহু কুঁৱৰী, বিহু নামৰ লগতে বাদ্য আদি প্ৰশিক্ষণ প্ৰদান কৰা হয়।বৰবিহুৱতী ৰুবী গগৈ সন্দিকৈ, অনাতাঁৰ শিল্পী ভূৱন গগৈ,বৰ বিহুৱা তথা বিশিষ্ট লোকশিল্পী জিতেন দাসে প্ৰশিক্ষক হিচাপে অংশগ্ৰহণ কৰা কৰ্মশালা খনিত ৰাজ্যৰ অন্যতম বিহু দল ৰং বসন্ত বিহুৱা দল আৰু ডিবৰু বিহু দলে সংগত কৰা কৰ্মশালাৰ সামৰণি অনুষ্ঠানত অংশগ্ৰহণ কাৰী সকলোকে মানপত্ৰ প্ৰদান আৰু তিনিওজন সমল ব্যক্তিকে কৃতজ্ঞতা ও সম্বৰ্ধনা জ্ঞাপন কৰে বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাব আৰু ডিব্ৰুগড় সাহিত্য সভাই। সামৰণি অনুষ্ঠানত বিশিষ্ট বিহু বিশেষজ্ঞ তথা বিহু বিষয়ক গৱেষক আৰু একে বিষয়ৰ কেইবাখনো গ্ৰন্থৰ লেখক ডাঃ চিত্ৰজ্যোতি চেতিয়া,অসম সাহিত্য সভাৰ ডিব্ৰুগড় আঞ্চলিক কাৰ্য্যালয় সম্পাদক ভূৱন মোহন গোস্বামী,ডিব্ৰুগড় সাহিত্য সভাৰ সভাপতি ড° শশীকান্ত শইকীয়া, বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবৰ সভাপতি মনজিৎ বৰা আৰু উপ-সভাপতি বিভাস দুৱৰা উপস্থিত থাকি প্ৰশিক্ষাৰ্থী উদ্দেশ্যে কৰি সকলক বিহু নাচ আৰু ঢোলবাদন সন্দৰ্ভত বহু গুৰুত্বপূৰ্ণ বক্তব্য প্ৰদান কৰে ৷ বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবৰ সম্পাদক ৰাতুল গোহাঁয়ে ডিব্ৰুগড় সাহিত্য সভাৰ সম্পাদকৰ দায়িত্ব গ্ৰহণ কৰাৰ পিছত এইবাৰ তৃতীয়বাৰৰ বাবে এনেধৰণৰ বিহু বিষয়ক কৰ্মশালা অনুষ্ঠিত কৰি নৱ প্ৰজন্মক কৃষ্টি সংস্কৃতিৰ সৈতে পৰিচয় তথা শুদ্ধ ৰূপত আগুৱাই নিয়াৰ ক্ষেত্ৰত ভুমিকা গ্ৰহণ কৰি আহিছে। উদ্যোক্তাসকলৰ এই প্ৰচেষ্টাক সামৰণী অনুষ্ঠানত অংশগ্ৰহণ কাৰী প্ৰশিক্ষাৰ্থীসকলৰ অভিভাৱকসকলে প্ৰশংসাৰে উপচায় পেলায়৷
ডিব্ৰুগড়ৰ পৰা বিভাস দুৱৰা।