নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আর্জেণ্টিনাত অনূর্ধ্ব ২০ বিশ্বকাপ : ফিফাৰ আনুষ্ঠানিক ঘোষণা

বিশেষ বাৰ্তা, ১৮ এপ্রিলঃ অৱশেষত অনূর্ধ্ব ২০ বিশ্বকাপ আয়োজনৰ বাবে আয়োজক দেশৰ নাম ঘোষণা কৰিলে ফিফাই৷ ইণ্ডোনেছিয়াৰ পৰিৱর্তে অহা ২০ মে’ৰ পৰা ১১ জুনলৈ আর্জেণ্টিনাত অনুষ্ঠিত হ’ব ফিফা ২০ বছৰ অনূর্ধ্ব বিশ্বকাপ৷ আয়োজক দেশ হোৱা বাবে ইণ্ডোনেছিয়াৰ সলনি আর্জেণ্টিনাই প্রতিযোগিতাখনত পোনে পোনে অংশ গ্রহণৰ সুযোগ পাব৷ ইয়াৰ পূর্বে বাছনি পর্বৰ পৰাই বিদায় লৈছিল মেছিৰ দেশখনে৷ এই প্রসংগত ফিফাৰ সভাপতি জিয়ান্নী ইনফাণ্টিনোই এক বিবৃতিত কয়–‘ফিফাই অতি আনন্দেৰে ঘোষণা কৰিছে যে এইবছৰ ফিফাৰ অনূর্ধ্ব ২০ বিশ্বকাপ আর্জেণ্টিনাত অনুষ্ঠিত হ’ব৷ বিশ্বকাপ বিজয়ী দেশখনে এনেধৰণৰ এখন প্রতিযোগিতাৰ আয়োজন কৰি ভৱিষ্যতৰ তৰুণ ফুটবলাৰসকলৰ বাবে নিজকে প্রমাণ কৰাৰ এক বৃহৎ সুযোগ সৃষ্টি হ’ব৷’ উল্লেখ্য যে যোৱা মাহত ইজৰাইলৰ অংশগ্রহণক লৈ আপত্তি জনোৱাৰ বাবে ইণ্ডোনেছিয়াৰ আয়োজনৰ স্বত্ব বাতিল কৰে ফিফাই৷ বিকল্প আয়োজক হিচাপে আর্জেণ্টিনাই আৰম্ভণিৰ পৰাই আগ্রহ দেখুৱাইছিল৷ যোৱা সপ্তাহত ফিফাৰ প্রতিনিধি দলে আর্জেণ্টিনাৰ আন্তগাঠনি আৰু সুযোগ সুবিধা বিবেচনা কৰি তেওঁলোকক আয়োজক হিচাপে বাচি লোৱাৰ সিদ্ধান্ত লয়৷ অহা ২১ এপ্রিলত জুৰিখত সূচী ঘোষণা কৰা হ’ব৷

You might also like