জুৱা সংস্থাৰে সম্পর্কৰ অভিযোগত শাস্তিৰ সন্মুখীন হ’ব মেককালাম!
বিশেষ বাৰ্তা, ২০ এপ্রিলঃ জুৱা সংস্থাৰ সৈতে সম্পর্ক থকা বাবে প্রাক্তন ক্রিকেটাৰ ব্রেণ্ডন মেককালামৰ শাস্তি হ’ব পাৰে৷ সম্প্রতি ইংলেণ্ডৰ টেষ্ট দলৰ প্রশিক্ষক মেককালাম৷ সেইবাবে এই ঘটনাক লৈ তদন্ত কৰিছে ইংলেণ্ড আৰু ৱেলছ ক্রিকেট ব’র্ডে৷ ছাইপ্রাছৰ এটি জুৱা সংস্থাৰ বিপণন দূত হিচাপে আছে নিউজিলেণ্ডৰ প্রাক্তন ক্রিকেটাৰগৰাকী৷ অৱশ্যে ইংলেণ্ড আৰু ৱেলছ ক্রিকেট ব’ডৰ কোনো নিয়ম তেওঁ ভংগ কৰা নাই বুলি জানিবলৈ দিছে ব’র্ডে৷ ব’ডৰ এক প্রতিবেদনত উল্লেখ কৰা মতে, ‘মেককালামৰ সৈতে বিগত কেইবাদিনো ধৰি আমাৰ আলোচনা হৈছে৷ তেওঁ নিজে প্রত্যক্ষভাৱে জুৱাৰ সৈতে জড়িত নহয়৷ তেওঁ এই সংস্থাটোৰ দূত হিচাপে বিজ্ঞাপন কৰিছে৷ ইয়াৰ বিনিময়ত তেওঁ পাৰিশ্রমিক লাভ কৰিছে৷ ইয়াৰ বাহিৰে জুৱা সংস্থাটোৰ সৈতে মেককালামৰ কোনো সম্পর্ক নাই৷ সেইবাবে তেওঁৰ বিৰুদ্ধে কোনোধৰণৰ ব্যৱস্থা গ্রহণ কৰা নহ’ব৷’