আইপিএলত ৰিয়ান পৰাগৰ ভৱিষ্যৎ অনিশ্চয়তাতঃ অসন্তুষ্ট শাস্ত্রী–সেহৱাগ–ছাংগাকাৰা
নিয়মীয়া বাৰ্তা, ২১ এপ্ৰিল: চৰম অনিশ্চয়তাত সোমাই পৰিছে অসমৰ প্রতিভাৱান ক্রিকেটাৰ ৰিয়ান পৰাগৰ আইপিএলৰ ভৱিষ্যৎ৷ চলিত আইপিএলত ৰিয়ানৰ দল ৰাজস্থান ৰয়েলছে দর্শনীয় প্রদর্শন অব্যাহত ৰাখি এইপর্যন্ত পইণ্ট তালিকাৰ শীর্ষত স্থান লাভ কৰিছে যদিও অসমৰ বেটাৰগৰাকীৰ ক্রমাগত ব্যর্থতাই হতাশ কৰিছে দল মেনেজমেণ্টৰ লগতে প্রাক্তন ক্রিকেটাৰসকলকো৷ আইপিএলৰ পূর্বে ঘৰুৱা ক্রিকেটত উজ্জীৱিত প্রদর্শন দাঙি ধৰা পৰাগে এইপর্যন্ত প্রতিযোগিতাখনত পাঁচখন মেচ খেলি সংগ্রহ কৰিছে মাত্র ৫৪ ৰান৷ পৰাগৰ এই প্রদর্শনক লৈ অসন্তুষ্টি প্রকাশ কৰিছে ৰাজস্থান ৰয়েলছৰ মুখ্য প্রশিক্ষক কুমাৰ ছাংগাকাৰাই৷ কালি লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ হাতত পৰাজিত হোৱাৰ পিছত অনুষ্ঠিত সংবাদ মেলত ছাংগাকাৰাই ৰিয়ান সন্দর্ভত কয়– ‘ইনিংছৰ শেষৰ ফালে কেইভাৰমান বাকী থকা অৱস্থাত ৰিয়ানে খেলিবলৈ নামি একাধিক ৬ কোবাই দলৰ বিজয় সহজ কৰি তোলাৰ পৰিকল্পনা গ্রহণ কৰা হৈছিল৷ অনুশীলনৰ সময়ত ৰিয়ানে সুন্দৰ বেটিং কৰিছিল৷ কিন্তু মেচখনত সেয়া দেখা নগ’ল৷ এতিয়া তেওঁৰ আগন্তুক অনুশীলনৰ সময়ত বেটিং ফর্মৰ ওপৰত গুৰুত্ব দিব লাগিব৷’ উল্লেখ্য যে মেচখনত পৰাগে ১২টা বল খেলি লক্ষ্ণৌৰ বিপক্ষে অপৰাজিত ১৫ ৰান সংগ্রহ কৰে৷ ইয়াৰ পূর্বে খেলা মেচকেইখনত ২১ বছৰীয়া ৰিয়ানৰ বেটৰ পৰা আহে কেৱল ৭, ২০, ৭ আৰু ৫ ৰান৷ ইপিনে প্রাক্তন প্রশিক্ষক ৰবি শাস্ত্রীয়েও ৰিয়ান পৰাগৰ বেটিঙক লৈ অসন্তুষ্টি ব্যক্ত কৰিছে৷ বিশেষকৈ কালি জয়পুৰত খেলা মেচখনত ৰিয়ানৰ ধীৰ গতিৰ বেটিঙক সহজভাৱে ল’ব পৰা নাই শাস্ত্রীয়ে৷ উল্লেখ্য যে কালি ৰিয়ানে প্রথম ৮টা বল খেলি মাত্র ৪ ৰানহে সংগ্রহ কৰিছিল৷ তেওঁ কয় যে পৰাগৰ এনে দুর্বল বেটিঙে মেচখনৰ গতি সলনি কৰি পেলালে৷ পিছৰফালে তেওঁ এটা ছয় কোবাই নিজৰ ৰান ৰেট বৃদ্ধি কৰিলেও দলৰ বাবে সেয়া যথেষ্ট নাছিল৷ শাস্ত্রীয়ে কয়– ‘দলটোৱে বাটলাৰ আৰু জয়ছোৱালৰ উইকেট হেৰুৱালেও দলৰ বেটিঙৰ গভীৰতা আছে৷ মই ভাবোঁ এনে অৱস্থাত ৰিয়ান পৰাগে খেলিবলৈ আহি প্রথম ৮টা বলত মেচখন নিজৰ হাতলৈ আনিব পাৰিলেহেঁতেন৷ উইকেটৰ আনটো দিশত পাৰিকালেও তেওঁৰ ছন্দ হেৰুৱাইছিল৷’ ভাৰতৰ প্রাক্তন অধিনায়ক বীৰেন্দ্র সেহৱাগেও পৰাগৰ সমালোচনাত মুখৰ হৈ পৰিছে৷ অসমৰ খেলুৱৈগৰাকীৰ প্রদর্শন প্রসংগত সেহৱাগে কয় যে ৰিজার্ভ বেঞ্চত ভাল খেলুৱৈ বহি থকাৰ সময়তো ৰিয়ানে ধাৰাবাহিকভাৱে ব্যর্থতা প্রদর্শন কৰিছে৷ মিডল অর্ডাৰৰ বেটাৰ পৰাগে যদি প্রদর্শনৰ উন্নতি ঘটাব নোৱাৰে তেনেহ’লে ৰাজস্থান দলটোৰ ওপৰত বিৰূপ প্রভাৱ পৰিব বুলিও সেহৱাগে মন্তব্য কৰে৷ তেওঁ ভাবে যে ধাৰাবাহিক দুর্বল প্রদর্শন আগবঢ়োৱা ৰিয়ানে দলৰ পৰা বাহিৰত থকা উচিত৷ তেওঁ কয় যে তেওঁৰ স্থানত অন্য খেলুৱৈক দলভুক্ত কৰিব লাগে৷ উল্লেখ্য যে শেহতীয়াভাৱে ৰিয়ানৰ প্রদর্শনে অনুৰাগীসকলকো ব্যথিত কৰিছে৷ ইপিনে, বেটিং ছন্দৰ উন্নতি ঘটাব নোৱাৰিলে আইপিএলত অসমৰ একমাত্র ক্রিকেটাৰগৰাকীৰ ভৱিষ্যৎ অনিশ্চিত হৈ পৰিব বুলিও ক্রিকেট অনুৰাগীসকলে আশংকা কৰিছে৷