সোণাৰি চাপৰিত ঢকুৱাখনা জিলা চুতীয়া জাতি সন্মিলনৰ বীৰাংগনা সতী সাধনী দিৱস উদযাপন
নিয়মীয়া বাৰ্তা, ২১ এপ্ৰিল:ঢকুৱাখনা জিলা চুতীয়া জাতি সন্মিলনৰ ২১ তম ত্ৰি – বাৰ্ষিক অধিৱেশন আৰু ৫০০ সংখ্যক বীৰাংগনা সতী সাধনী দিৱসটি ২০ এপ্ৰিলৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে সোণাৰি চাপৰিত উদযাপন কৰা হয়।
সোণাৰি চাপৰি আঞ্চলিক কৃষ্টি বিকাশ কেন্দ্ৰত সোণাৰি চাপৰি আৰু কেকুঁৰি আঞ্চলিক চুতীয়া জাতি সন্মিলনিৰ উদ্যোগত আয়োজন কৰা সতী সাধনী দিৱসৰ প্ৰথমদিনা পুৱা সামুহিক চাফাই, ব্ক্ষ ৰোপণ, সাহিত্য প্ৰতিযোগিতা, আলোচনা চক্ৰ, প্ৰতিনিধি সভাৰ অন্তত সন্ধিয়া আধুনিক ন্ত্য প্ৰতিযোগিতাৰে প্ৰথম দিনৰ কাৰ্যসূচী সামৰণি মাৰে ৷ দ্বিতীয় দিনা পুৱা পতাকা উত্তোলন, দেওকুবেৰ পূজা,সাধনী প্ৰতিমূৰ্তিত মাল্যৰ্পন আদিৰে আৰম্ভ কৰি পৰৱৰ্তী সময়ত চুতীয়া জনগোষ্ঠীৰ মহিলা সকলে টকা বিহু, বীৰাংগনা সতী সাধনীৰ আদৰ্শ আৰু সাম্প্ৰতিক চুতীয়া মহিলাৰ চিন্তনৰ সন্দৰ্ভত আলোচনা আৰু মুকলি সভা অনুষ্ঠিত কৰি সন্ধিয়া সাংস্কৃতিক অনুস্থানেৰে দুয়োটা দিনৰ কাৰ্য়সুচীৰ সামৰণি মাৰিব ।
প্ৰেৰক ঃ ৰাজেশ বুঢ়াগোহাঞি