সম্পাদকীয় : হাতী–মানুহৰ সংঘাতৰ অন্ত সম্ভৱনে
অসমৰ উজনি–নামনি সর্বত্র হাতী–মানুহৰ সংঘাত প্রতিদিনেই ঘটি আছে৷ এক অর্থত অসমৰ এক জ্বলন্ত সমস্যাত পৰিণত হৈছে এই সংঘাত৷ হাতীৰ আক্রমণ ঘটা অঞ্চলসমূহত প্রতিনিয়ত শংকাত কটাব লগা হয় আবাল–বৃদ্ধ –বনিতা৷ মূৰৰ ঘাম মাটিত পেলাই কৰা শস্যপথাৰৰ বিধ্বস্ত ৰূপ দেখি কান্দোনত ভাগি পৰা কৃষক, হাতীয়ে ভাঙি পেলোৱা মৰমৰ ঘৰখনৰ ধ্বংসস্তূপত উচুপি উঠা অসহায় মানুহৰ সংখ্যা দিনকদিনে বৃদ্ধি পাইছে৷ কিন্তু এই অঘটনৰ মূল কেৱল হাতীয়েই হয় জানো৷ আচলতে বনাঞ্চলৰ পৰা হাতীক জনাঞ্চললৈ আহিবলৈ বাধ্য কৰোৱা হৈছে আৰু বাধ্য কৰাইছে মানুহে নিজেই৷ দিনে দিনে বৃদ্ধি পোৱা জনসংখ্যাৰ লগে লগে বৃদ্ধি পাইছে বর্ধিত মানুহৰ বাবে বাসস্থান তথা অন্যান্য প্রয়োজনীয়তা৷ মানুহে বন ধ্বংস কৰি সাজি উলিয়াইছে সুউচ্চ দালান৷ বন্যপ্রাণীৰ আহাৰ,বাসস্থান সকলো নিজৰ স্বার্থৰ বাবেই কাঢ়ি লৈছে মানুহে৷ গতিকে জনাঞ্চললৈ হাতীৰ আগমন অস্বাভাৱিক নহয়৷ হাতীক বিচৰণ কৰিবলৈ পর্যাপ্ত ঠাই লাগে৷ অৰণ্যৰ মাজেৰে হাতীৰ অহা–যোৱাৰ নির্দিষ্ট কিছুমান পথ আছে, যিবোৰক হস্তীদণ্ডি বুলি কোৱা হয়৷ কিন্তু পৰিতাপৰ কথা যে একাংশ স্বার্থপৰ মানুহে হস্তীদণ্ডিৰ চিন–মোকাম নোহোৱা কৰি হাতীৰ অহা–যোৱাৰ পথ ৰুদ্ধ কৰিছে৷ দ্রুত অর্থনৈতিক বিকাশৰ লক্ষ্য আৰু মানুহৰ অবিবেচক কাণ্ডই হাতীক প্রৰোচিত কৰিছে জনাঞ্চলত প্রৱেশ কৰিবলৈ, খাদ্যৰ সন্ধানত মানুহৰ খেতিপথাৰ, ভঁৰাল তহিলং কৰিবলৈ৷মানুহৰ কার্যকলাপে পৃথিৱীৰ প্রতিটো পৰিৱেশতন্ত্রত ক্রমান্বয়ে প্রভাৱ পেলাইছে৷ভালদৰে নিৰীক্ষণ কৰিলে দেখা যায় যে অসমৰ বহু জিলাত উৎপাদনক্ষম মাটি খেতি নকৰাকৈয়ে কৃষকে পেলাই থ’বলৈ বাধ্য হৈছে কেৱল হাতীৰ আক্রমণৰ ভয়ত৷ আশ্চর্যজনক কথাটো হ’ল যে মানুহে হাতী খেদি পঠিয়াবলৈ যিমানেই নতুন নতুন বুদ্ধি প্রয়োগ কৰিছে, হাতীৰ আক্রমণো সিমানেই বৃদ্ধি পাইছে৷ কেৱল প্রাণহানিতেই কথা শেষ নহয়, আনুষংগিক নানা সমস্যাৰ সৃষ্টি হৈছে এই সংঘাতৰ বাবে৷ হাতী–মানুহৰ সঘন সংঘাত ঘটা অঞ্চলবোৰত শৈক্ষিক পৰিৱেশ বিনষ্ট হোৱাৰ লগতে দৰিদ্রতা বৃদ্ধিতো ই অৰিহণা যোগাইছে৷ ভাৰতীয় ৱাইল্ড লাইফ ড্রাষ্ট আৰু আই ইউ চি এন এছ এছ চি এছিয়ান এলিফেণ্ট স্পেচিয়েলিষ্ট গ্রুপৰ সদস্য সন্দীপ কুমাৰ তিৱাৰীয়ে প্রকাশ কৰা অনুসৰি সমগ্র দেশতে প্রতিবছৰে প্রায় ৫ লাখ পৰিয়াল হাতীৰ সৈতে হোৱা সংঘাতৰ দ্বাৰা প্রভাৱিত হয়৷ লিখিত তথ্য অনুসৰি ভাৰতত হাতীৰে হোৱা সংঘাতৰ ফলত মৃত্যু হোৱা লোকৰ ৭০–৮০ শতাংশৰ মৃত্যু হয় হাতীয়ে তেওঁলোকৰ শস্যৰ ক্ষতিসাধন কৰিবলৈ অহাৰ সময়ত বাধা প্রদান কৰিবলৈ চেষ্টা কৰোঁতে৷ তদুপৰি তেওঁ ইয়াকো কয় যে প্রতিবছৰে ৮০ৰ পৰা ১০০টা হাতী মানুহে কৰা কিছুমান কার্যকলাপৰ ফলত মৃত্যুমুখত পৰে৷ হাতীৰ খাদ্যত বিহ প্রয়োগ বা শস্যপথাৰৰ বেৰাৰ লগত বিদ্যুতৰ তাঁৰ সংযোগ কৰাৰ ফলত বিদ্যুৎস্পৃষ্ট হৈ হাতীৰ প্রাণ যোৱাৰ লগতে আন কিছুমান হাতীৰ ৰে’লৰ খুন্দাত মৃত্যু হয়৷
যিখন দেশত গৰিষ্ঠসংখ্যক হিন্দুৱে হাতীক পৱিত্র প্রাণী আৰু গণেশ দেৱতাৰ অৱতাৰ হিচাপে গণ্য কৰে, সেইখন দেশৰে কোনো কোনো ঠাইত হাতীৰ প্রতি মানুহৰ সহনশীলতা কমি যোৱাটোও চিন্তনীয় বিষয়৷ কেৱল হাতীয়েই নহয়,বনাঞ্চল সংকুচিত হোৱাৰ ফলত অসমত মাজে–সময়ে অন্যান্য বন্যপ্রাণীও জনাঞ্চললৈ ওলাই আহি মানুহৰ আক্রমণত মৃত্যু হ’ব লগা হয়৷ প্রতিদিনে ঘটি থকা হাতী–মানুহৰ সংঘাত হ্রাস কৰাৰ সর্বোত্তম উপায় হিচাপে বনাঞ্চলসমূহত মানুহৰ অনধিকাৰ হস্তক্ষেপ হ্রাস কৰা বুলিয়েই ক’ব লাগিব৷ তদুপৰি হাতীৰ খাদ্যৰ সমস্যা সমাধানৰ ব্যৱস্থাও কৰিব লাগিব৷ মানুহ–বন্যপ্রাণীৰ সংঘাত তেতিয়াই অনিবার্য হৈ পৰে, যেতিয়া মানুহৰ বসতিৰ বাবে বন্যপ্রাণীৰ বাসস্থানত হস্তক্ষেপ চলে৷ আৰু জীৱ–জন্তুৰ বাবে উপলব্ধ প্রাকৃতিক খাদ্যৰ উৎস হ্রাস পায় আৰু মানুহ আৰু বন্যপ্রাণীৰ মাজৰ সংঘাত আৰু অধিক ভয়াৱহ হয়৷ মানুহ আৰু বন্যপ্রাণীৰ সহাৱস্থানৰ ব্যৱস্থা স্থাপন কৰাটো প্রত্যাহ্বানমূলক কাম৷ কিন্তু যিহেতু মানুহেই সংঘাতৰ বাবে প্রধানকৈ দায়ী, সেয়ে মানুহেই কিছু পদক্ষেপ ল’ব লাগিব৷ প্রকৃতি সংৰক্ষণ তথা জৈৱ–বৈচিত্র্য সংৰক্ষণৰ প্রয়োজনীয়তা মানুহক বুজাব পাৰিব লাগিব৷ হাতী–মানুহৰ সংঘাতৰ পৰৱর্তী সময়ত ক্ষতিগ্রস্ত লোকসকলে চৰকাৰী ৰঙাফিতাৰ মেৰপেঁচত নোসোমোৱাকৈ ক্ষতিপূৰণ লাভ কৰিলেও হাতীৰ প্রতি গাঁওবাসীৰ সহনশীলতা বৃদ্ধি , ক্ষতিপূৰণ ব্যৱস্থাই কেৱল দুর্ঘটনা সংঘটিত কৰা জীৱ–জন্তুৰ প্রতি মানুহৰ সহনশীলতা উন্নত কৰাই নহয়, বন্যপ্রাণীৰ অবিৰত ক্ষতিৰ ফলত হোৱা অর্থনৈতিক ক্ষতিও কম কৰে৷ গতিকে বন্যপ্রাণীয়ে কৰা ক্ষতিৰ এটা সুস্থ ক্ষতিপূৰণ ব্যৱস্থাই বন্যপ্রাণী সুৰক্ষা আৰু মানুহৰ জীৱিকা উন্নত কৰাত গুৰুত্বপূর্ণ ভূমিকা পালন কৰিব পাৰে৷ মানৱ সমাজৰ নিৰন্তৰ বিকাশৰ লগে লগে হাতী আৰু মানুহৰ মাজত সংগ্রাম আৰু সংঘাত অব্যাহত থাকিব৷ মানুহ আৰু হাতীৰ সহাৱস্থান সম্ভৱ কৰি তোলাটো এই সমস্যা সমাধানৰ অন্যতম উপায়৷ ইয়াৰ বাবে উচ্চ পর্যায়ৰ গৱেষণা কৰাটো প্রয়োজন৷ সংঘাত সংঘটিত অঞ্চলসমূহৰ বাসিন্দাসকলৰ জীৱিকা আৰু জীৱনশৈলীৰ বিকল্পও হয়তো ভাবিব লাগিব৷