নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাশ্মীৰত পাঁচ বছৰত ৭২৯ সন্ত্রাসবাদী নিহত

নিয়মীয়া বাৰ্তা, ২৩ এপ্রিল: জম্মু–কাশ্মীৰত বিগত পাঁচ বছৰত ১,০৬৭টা কূটাঘাত সংঘটিত কৰিছে সন্ত্রাসবাদীয়ে৷ এই কূটাঘাতমূলক কাণ্ডবোৰত শ্বহীদ হৈছে ১৮২জন জোৱান৷ আনহাতে, নিহত হৈছে ৭২৯টা সন্ত্রাসবাদী৷ কেন্দ্রীয় গৃহ দপ্তৰৰ ৰাজ্যিক মন্ত্রী নিত্যানন্দ ৰায়ে দাবী কৰা অনুসৰি, ২০১৯ চনৰ পৰা জম্মু–কাশ্মীৰত সন্ত্রাসবাদীৰ আক্রমণৰ সংখ্যা হ্রাস পাইছে৷ ২০১৮ চনত ৪১৭টা সন্ত্রাসবাদী আক্রমণৰ বিপৰীতে ২০২১ চনত সেই সংখ্যা ২২৯লৈ হ্রাস পাইছে৷ উল্লেখনীয় যে ২০১৯ চনৰ ১৪ ফেব্রুৱাৰীত সন্ত্রাসবাদীৰ আত্মঘাতী আক্রমণত ৪০জন চিআৰপিএফ জোৱান শ্বহীদ হৈছিল৷ জম্মু–কাশ্মীৰৰ পুলৱামাত এয়া আটাইতকৈ ভয়াৱহ কূটাঘাত হিচাপে চিহ্ণিত হৈছে৷ গৃহমন্ত্রীগৰাকীয়ে সদৰী কৰা অনুসৰি, ২০১৯ চনত ১৫৪টা সন্ত্রাসবাদী নিহত হৈছিল কাশ্মীৰ উপত্যকাত৷ বছৰটোত প্রাণ হেৰুৱাইছিল ৮০জন জোৱানে৷ ২০২০ চনত কূটাঘাত সংঘটিত হয় ২৪৪টা৷ বছৰটোত ২২১টা সন্ত্রাসবাদী নিহত হোৱাৰ বিপৰীতে ৬২জন জোৱানে প্রাণ হেৰুৱাইছে৷ গৃহমন্ত্রীগৰাকীয়ে দাবী কৰা অনুসৰি, বর্তমানলৈ জম্মু–কাশ্মীৰত সন্ত্রাসবাদীৰ কূটাঘাত অব্যাহত আছে যদিও পূর্বৰ তুলনাত নিৰাপত্তা বাহিনীয়ে বহু কুখ্যাত সন্ত্রাসবাদীক এই সময়ছোৱাত নিধন কৰিবলৈ সক্ষম হৈছে৷

You might also like