নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দেশৰ ৩৭ শতাংশ ভিভিপেট যন্ত্র বিকল; লোকসভা নির্বাচনৰ প্রস্তুতিতেই সংকট

নিয়মীয়া বাৰ্তা, ২৩ এপ্রিল: দেশৰ ৩৭ শতাংশ ‘ভিভিপেট মেচিন’ত গোলমাল ধৰা পৰিছে৷ এইবোৰ বাদ দিয়াৰ সিদ্ধান্ত লৈছে নির্বাচন আয়োগে৷ এক ৰাষ্ট্রীয় সংবাদ মাধ্যমে এই চাঞ্চল্যকৰ তথ্য সদৰী কৰিছে৷ তথ্য অনুসৰি, ৬ লাখ ৫০ হাজাৰ ‘ভিভিপেট’ৰ গোলমাল ধৰা পৰিছে৷ ভোটদানৰ কাগজ পৰীক্ষাৰ এই ভিভিপেট যন্ত্র ২০১৯ৰ লোকসভা নির্বাচনতো ব্যৱহাৰ কৰা হৈছিল৷ নির্বাচন আয়োগৰ তথ্য অনুসৰি, মুঠ ব্যৱহূত যন্ত্রৰ ৩৭ শতাংশই বিকল হৈছে৷ আগন্তুক ২০২৪ৰ লোকসভা নির্বাচনৰ প্রস্তুতি আৰম্ভ কৰিছে আয়োগে৷ ভোটদানৰ যন্ত্র ইভিএম আৰু ভোটদানৰ কাগজ পৰীক্ষণ যন্ত্র ভিভিপেটৰ পৰীক্ষা আৰু ইয়াক বাদ দিয়াৰ কাম–কাজ নির্বাচন আয়োগে কৰে৷ ইমানসংখ্যক ভিভিপেট যন্ত্র বিকল হোৱাৰ পিছত আগন্তুক লোকসভা নির্বাচনৰ প্রস্তুতিপর্বতেই সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈছে নির্বাচন আয়োগ৷ লক্ষণীয়ভাৱে ইভিএম আৰু ভিভিপেট যন্ত্রৰ সুৰক্ষাক লৈ সঘনে প্রশ্ণ তুলি আহিছে দেশৰ বিৰোধী ৰাজনৈতিক দলবোৰে৷ আয়োগে আগন্তুক লোকসভা নির্বাচনৰ পূর্বেই ভিভিপেটৰ সমস্যা আঁতৰিব বুলি আশা প্রকাশ কৰিছে৷

You might also like